---Advertisement---

SEBA Class 10  Lesson 16 – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Published On: May 1, 2025
---Advertisement---

অধ্যায়-১৬

প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা

Lesson 7 - নিয়ন্ত্ৰণ আৰু সমন্বয়

Lesson 16: প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা in SEBA Class 10 Science helps students understand how to use and conserve natural resources like water, forests, fossil fuels, and wildlife. This chapter is not just theoretical — it connects directly to real-life environmental issues and responsible living.

At NewsNow.website , we provide clear and complete solutions to all textbook questions from this chapter. Each answer is prepared in simple language to help SEBA students understand the concepts easily and prepare confidently for their board exams. Whether you’re revising before a test or practicing daily, our step-by-step explanations make learning smoother and stress-free.

নির্বাচিত প্রশ্নোত্তৰ

প্রশ্নঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িত থকা সমস্যা এটা উল্লেখ কৰা। HSLC ’15

উত্তৰঃ বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয়।

প্রশ্নঃ পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?

উত্তৰঃ পৰিৱেশ হিতৈষী হ’বলৈ তলত দিয়া অভ্যাস গঢ়ি তুলিব পৰা যায়-

(ক) প্রতি বছৰে একোজোপাকৈ গছ ৰোপণ কৰা আৰু ইয়াৰ বৃদ্ধিত গুৰুত্ব প্রদান কৰা।

(খ) ব্যৱহাৰ নকৰা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ ৰখা।

(গ) খাদ্য অপচয় নকৰা।

(ঘ) প্লাষ্টিকৰ মোনা পৰিহাৰ কৰা।

(৬) জন্তুৰ ছালেৰে তৈয়াৰী বস্তুৰ ব্যৱহাৰ বন্ধ কৰা।

প্রশ্নঃ পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা। HSLC ’20

উত্তৰঃ পাহাৰীয়া অঞ্চলত নদীবোৰত বান্ধ দি পাইপৰ সহায়েৰে অন্য অঞ্চললৈ পানী যোগান ধৰা।

সমতল অঞ্চলত পুখুৰী, খাল-বিল, নদী আদিত পানী সঞ্চয় কৰা হয়।

মালভূমি অঞ্চলত বৰষুণৰ পানী কৃত্রিম হ্রদ, নিজৰা আদিত সঞ্চয় কৰা হয়।

প্রশ্নঃ সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা?

উত্তৰঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বর্তমান প্রজন্মক লাভান্বিত কৰিলেও পৰৱৰ্তী প্রজন্মৰ বাবে প্রয়োজনীয় সম্পদ বৈ নাযায়।

আনহাতে, দীর্ঘম্যাদী ব্যৱহাৰে বৰ্তমানৰ প্ৰজন্মৰ প্রয়োজনীয়তা পূৰণ কৰাৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও সম্পদ সংৰক্ষণ কৰে।

প্রশ্নঃ সম্পদৰ সমভাবে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে HSLC ’18

উত্তৰঃ সমবিতৰণ হ’লেহে ধনী আৰু দুখীয়া সকলোৱে সমভাবে ইয়াৰ পৰা লাভান্বিত হ’ব।

ধন আৰু ক্ষমতাই সমবিতৰণৰ বিৰুদ্ধে প্রভার বিস্তাৰ কৰিছে।

প্রশ্নঃ বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে?

Also READ  SEBA Class 10  Lesson 14 - শক্তিৰ উসসমূহ

উত্তৰঃ বন আৰু বন্যপ্ৰণীৰ সংৰক্ষণে তলত দিয়া ক্ষেত্রত সহায় কৰে-

(ক) জৈৱ-বৈচিত্র অটুট ৰাখি পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰে।

(খ) বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাবিক ৰখাত সহায় কৰে।

(গ) মানুহ আৰু আন প্ৰণীৰ খাদ্য আৰু আশ্রয়ৰ যোগানত সহায়ক।

(ঘ) বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগানৰ ক্ষেত্রত সহায় কৰে।

(ঙ) ৰাষ্ট্ৰৰ অর্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাত সহায় কৰে।

প্রশ্নঃ পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ দিবা?

উত্তৰঃ (ক) বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া।

(খ) পানী আৰু বিদ্যুতৰ অপচয় ৰোধ কৰা।

(গ) সৌৰ শক্তিৰ ব্যৱহাৰ কৰা।

(ঘ) বিদ্যালয়ৰ চৌহদত বৃক্ষ ৰোপন কৰা।

প্রশ্নঃ তলৰ সম্পদ সমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা HSLC ’20

(a) বন আৰু বন্যপ্রাণী

(b) জল সম্পদ

(c) কয়লা আৰু পেট্র’লিয়াম

উত্তৰ : (a) বন আৰু বন্যপ্রাণীঃ

(ক) জৈৱবৈচিত্ৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্রদান কৰিম।

(খ) অন্যায়ভাবে গছ-গছনি কটা বন্ধ কৰিম।

(গ) বন্য প্রাণীৰ বাসস্থানক সুৰক্ষা দিম।

(b) জল সম্পদঃ

(ক) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিম।

(খ) কেৱল খোৱাৰ উপযোগী পানীহে ব্যৱহাৰ কৰিম।

(গ) জল সম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিম।

(c) কয়লা আৰু পেট্রলিয়ামঃ

(ক) বাল্বৰ সলনি CFL ব্যৱহাৰ কৰিম।

(খ) অপ্রয়োজনীয় বৈদ্যুতিক সামগ্রী বন্ধ ৰাখিম।

(গ) কয়লা আৰু পেট্র’লিয়ামৰ সলনি সৌৰ শক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰিম।

প্রশ্নঃ আমি কিয় সম্পদ ব্যবস্থাপনা কৰিব লাগে। বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তোমাৰ মতামত কি? HSLC ’19

উত্তৰঃ আমি সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে, কাৰণ:

(ক) সম্পদৰ উপযুক্ত ব্যৱস্থাপনাই প্রাকৃতিক ভাৰসাম্য অটুট ৰাখে।

(খ) মানুহৰ লগতে অন্যান্য জীৱ আৰু প্ৰাণী প্রাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। সেয়ে জীৱকুল জীয়াই থাকিবলৈ সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে।

(গ) প্রাকৃতিক সম্পদৰ সংৰক্ষণে জৈৱ বৈচিত্র অক্ষুন্ন ৰখাত সহায় কৰে।

(ঘ) দেশৰ অর্থনৈতিক বুনিয়াদ চলনশীল আৰু শক্তিশালী কৰিবলৈ সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰা উচিত। হাবি-বননি হৈছে অসংখ্য জীৱ-জন্তু, গছ- গছনিৰ বাসভূমি। হাবি-বননি আছে বাবেই জৈৱ- বৈচিত্র অটুট আছে। সেয়ে আমি বনাঞ্চল ধ্বংস নকৰি ইয়াক সংৰক্ষণ কৰিব লাগে। বনাঞ্চল সংৰক্ষণৰ বাবে আমি তলত উল্লেখ কৰা উপায়সমূহ গ্রহণ কৰিব পাৰোঁ।:

(ক) যধে-মধে গছ কটা বন্ধ কৰিব লাগে।

Also READ  SEBA Class 10  Lesson 15 - আমাৰ পৰিবেশ

(খ) অনাবাদী ভূমি, সংৰক্ষিত অথচ কোনো কামত ব্যৱহাৰ নোহোৱা চৰকাৰী ভূমিত বৃক্ষৰোপন কৰিব লাগে।

(গ) হাবি-বননি ছাফা কৰি কৰা ঝুম খেতি বন্ধ কৰিব লাগে।

(ঘ) অধিক পৰিমাণে বৃক্ষ ৰোপন কৰাৰ বাবে জনসাধাৰণক উদ্বুদ্ধ কৰিব লাগে।

প্রশ্নঃ জীবাষ্ম ইন্ধন কি? এইবিলাক ইন্ধনৰ দহনৰ ফলত হোৱা অসুবিধা উল্লেখ কৰা। HSLC ’17, ’20

উত্তৰঃ কয়লা আৰু পেট্র’লিয়ামক জীবাষ্ম ইন্ধন বুলি কোৱা হয়। এইবোৰ মৃত জীৱদেহৰ পৰা হাজাৰ হাজাৰ বছৰ জুৰি হোৱা এক প্রাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়।
জীৱাষ্ম ইন্ধন দহনৰ ফলত বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। যেনেঃ

(ক) জীবাষ্ম ইন্ধনবোৰ অনবীকৰণযোগ্য সম্পদ হোৱা বাবে এইবোৰ দহনৰ ফলত প্রকৃতিত ইয়াৰ ভাণ্ডাৰ হ্রাস পায়। ফলত আমাৰ ভৱিষ্যত প্ৰজন্মৰ ওপৰত ই বিরূপ প্রভাৱ পেলাব পাৰে।

(খ) জীৱাশ্ম ইন্ধন দহনৰ ফলত বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাই জীৱকুলৰ বাবে ধ্বংস মাতি আনিব পাৰে।

(গ) প্রকৃতিত ভাৰসাম্যহীনতাই দেখা দিব পাৰে। লগতে পৃথিবীৰ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰিব পাৰে।

 

প্রশ্নঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্রধান সমস্যা উল্লেখ কৰা। HSLC ’19

উত্তৰঃ বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়ে, যেনেঃ

(ক) পৰিৱেশৰ প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে।

(খ) কৃত্রিম বান্ধৰ ফলত জলসম্পদৰ অসম বিতৰণ হোৱাৰ বাবে বনভূমিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পাৰে।

(গ) নদীবান্ধৰ ফলত কেতিয়াবা স্থানীয় লোকসকলক অন্যস্থানলৈ স্থানান্তৰিত কৰিবলগা হ’ব পাৰে। ফলত বহুত অর্থ আৰু সময়ৰ অপচয় হয়।

প্রশ্নঃ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্রাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনঃব্যৱহাৰৰ গুৰুত্ব কি, লিখা। পৰিৱেশহিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা? HSLC ’19

উত্তৰঃ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্রাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনঃব্যৱহাৰ আদি ব্যৱস্থা গ্রহণ কৰিব পাৰি।

(ক) পুনঃব্যৱহাৰঃ কিছুমান সামগ্রী পেলাই নিদি পুনঃব্যৱহাৰ কৰিব লাগে। যেনে পুৰণি কাপোৰৰ দ্বাৰা পুতলা, বিভিন্ন ধৰণৰ ফুলৰ আৰ্হি, সাধাৰণ ঘৰসজ্জা আদি তৈয়াৰ কৰি ল’ব লাগে।

(খ) হ্রাসকৰণঃ প্রকৃতিক ক্ষতি কৰিব পৰা বিভিন্ন দ্রব্য যেনে প্লাষ্টিকৰ মোনা, ভঙ্গুৰ কাঁচ, বটল, ৰবৰ জাতীয় বস্তু আদিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে। ইয়াৰ বিকল্প সামগ্রী যেনে মৰাপাটৰ মোনা, কপাহী সূতাৰে তৈয়াৰ কৰা বস্তু, মাটিৰ পাত্ৰ আদি ব্যৱহাৰ কৰাৰ বাবে উদ্বুদ্ধ হ’ব লাগে।

(গ) পুনঃচক্ৰীকৰণ: কিছুমান সামগ্ৰী ব্যৱহাৰৰ উপযোগী হৈ নাথাকিলে, সেইবোৰৰ পুনঃচক্ৰীকৰণৰ জৰিয়তে কেঁচামালৰ পৰিপূৰক সামগ্রী হিচাপে ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে কাগজ জাতীয় সামগ্ৰীৰ পুনঃচক্ৰীকৰণ কৰি বাঁহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

Also READ  SEBA Class 10 Lesson 10 - পোহৰ-পতিফলন আৰু প্ৰতিসৰণ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রশ্নঃ পৰিস্থিতি বিজ্ঞানক ইংৰাজীত কয়-

(a) বায়’ল’জি

(c) চেৰোল’জি

(b) জুল’জি

(d) ইক’ল’জি

উত্তৰঃ (d) ইক’ল’জি।

প্রশ্নঃ বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে………. ক বাধা দিয়ে।

(a) অৱলোহিত ৰশ্মি

(b) দৃশ্যমান পোহৰ

(c) অতি বেঙুনীয়া ৰশ্মি

(d) (a) আৰু (c) দুয়োটাই

উত্তৰঃ (c) অতি বেঙুনীয়া ৰশ্মি।

প্রশ্নঃ খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰটো হ’ল-

(a) পৰপোষী জীৱ

(b) স্ব-পোষী জীব

(c) হোমো চেপিয়েনচ

(d) ওপৰৰ আটাইকেইটা নহয়?

উত্তৰঃ (b) স্ব-পোষী জীব।

প্রশ্নঃ তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?

(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা

(b) পুৰণি ফটা কাপোৰ

(c) প্লাষ্টিৰ মোনা

(d) পুৰণি বাতৰি কাকত

উত্তৰঃ (c) প্লাষ্টিকৰ মোনা।

প্রশ্নঃ তলৰ কোনটো বিয়োজক?

(a) বেক্টেৰিয়া

(b) ভাইৰাছ

(c) শেলাই

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) বেক্টেবিয়া।

প্রশ্নঃ তলত দিয়া কেনটো জীব নিম্নিকৰণ পেলনীয়া দ্রব্য?

(a) পলিথিনৰ মোনা

(b) আমৰ বাকলি

(c) ফালি যোৱা চামৰাৰ মোনা

(d) প্লাষ্টিকৰ বটল

উত্তৰঃ (b) আমৰ বাকলি।

প্রশ্নঃ সেউজীয়া উদ্ভিদে খাদ্য উৎপাদন কৰিব পাৰে। গতিকে ইয়াক খাদ্য শৃংখলৰ হৈছে।

(a) প্রথম স্তৰত

(b) দ্বিতীয় স্তৰত

(c) তৃতীয় স্থানত

(d) চতুর্থ স্থানত

উত্তৰঃ (a) প্রথম স্তৰত।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰঃ (a) (c) (d)

প্রশ্নঃ শক্তিৰ প্ৰবাহ সদায়-

(a) একমুখী দিশত হয়

(b) দ্বি-মুখী দিশত হয়

(c) সঠিককৈ ক’ব নোৱৰি

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (a) একমুখী দিশত হয়।

প্রশ্নঃ জীৱৰ ভিন্নতাৰ কাৰণ-

(a) পৰিৱেশৰ ভিন্নতা

(b) কৰ্মৰ ভিন্নতা

(c) আকাৰৰ ভিন্নতা

(d) গঠনৰ ভিন্নতা

উত্তৰঃ (a) পৰিৱেশৰ ভিন্নতা।

প্রশ্নঃ কোনবোৰ জীৱই মৃতদেহৰ পৰা লাগতিয়াল দ্রব্য উৎপন্ন কৰি মাটিত মিহলাই দিয়ে?

(a) ভাইৰাছে

(b) বিয়োজকে

(c) উৎপাদকে

(d) অণুজীবই

উত্তৰঃ (b) বিয়োজকে।

প্রশ্নঃ তলত উল্লেখ কৰা কোনখিনায়ে খাদ্য শৃংখল গঠন কৰে?

(a) ঘাঁহ, ঘেঁহু আৰু আম

(b) ঘাঁহ, ছাগলী আৰু মানুহ

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

---Advertisement---

Leave a Comment

error: Content is protected !!