অধ্যায়-১২
বিদ্যুৎ

Electricity is all around us — powering our homes, charging our devices, and running machines. In Lesson 12: বিদ্যুত (Electricity) of SEBA Class 10 Science, students dive into the fundamentals of electric current, resistance, Ohm’s Law, power, and energy consumption. This chapter builds a strong foundation in physics and is one of the most scoring chapters in the board exam.
To make learning easier, NewsNow.website provides accurate, step-by-step solutions to all textbook questions from this lesson. Each answer is explained in simple language, following the SEBA syllabus, so students can understand concepts clearly and revise quickly before exams.
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ তাঁৰ এডালৰ দৈর্ঘ্য দুগুণলৈ বৃদ্ধি কৰিলে এমিটাৰৰ পাঠৰ কি পৰিৱৰ্তন হয়?
উত্তৰঃ এমিটাৰৰ পাঠ আগৰ তুলনাত আধালৈ হ্রাস পায়।
প্রশ্নঃ পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ পদাৰ্থৰ প্ৰকৃতি, উষ্ণতা, পৰিবাহীৰ দৈর্ঘ্য আদি।
প্রশ্নঃ 1A ৰ সংজ্ঞা লিখা।
উত্তৰঃ পৰিবাহী এডালৰ মাজেৰে প্ৰতি ছেকেণ্ডত এক কুলম্ব আধান চালিত কৰিলে প্রবাহ হ’ব 1A।
প্রশ্নঃ পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
উত্তৰঃ বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধ বেছি বাবে ইয়াৰ মাজে অলপ বিদ্যুৎ চালিত হ’লেই সঁজুলিবোৰ গৰম হয়। সেইবাবে এইবোৰ সংকৰ ধাতুৰে গঢ়া হয়।
প্রশ্নঃ একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত আৰু কিয়?
উত্তৰঃ ক্ষীণ তাঁৰৰ মাজেৰে বেছি বিদ্যুৎ চালিত হ’ব। কাৰণ, শকত তাঁৰতকৈ ক্ষীণ তাঁৰৰ ৰোধ কম ফলত বাধা কম পায়।
প্রশ্নঃ এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
উত্তৰঃ বৈদ্যুতিক ক্ষমতাই।
প্রশ্নঃ ওমৰ সূত্ৰটো লিখা।
উত্তৰঃ উষ্ণতা স্থিৰে থকা অৱস্থাত বর্তনীত সংযোজিত প্রদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, V তাঁৰডালৰ মাজেৰে যোৱা প্ৰৱাহৰ সমানুপাতিক।
প্রশ্নঃ বৈদ্যুতিক বাল্বৰ ফিলামেন্টৰ জীবনকাল কিদৰে দীঘলীয়া কৰা হয়?
উত্তৰঃ বাল্বৰ জীৱনকাল দীঘলীয়া কৰাৰ বাবে বাল্বৰ ভিতৰত ৰাসায়নিক ভাবে নিষ্ক্রিয় আর্গন আৰু নাইটু’জেন গেছ ভৰাই ৰখা হয়।
উত্তৰঃ বেটাৰি বা বিদ্যুৎ কোষ।
প্রশ্নঃ ধৰাহওঁক, বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰৱাহৰ কি পৰিৱৰ্তন হ’ব?
উত্তৰঃ বৈদ্যুতিক প্ৰৱাহৰ মানো আধা হ’ব।
প্রশ্নঃ প্রবাহৰ এককৰ সংজ্ঞা দিয়া।
উত্তৰঃ প্রবাহৰ একক হ’ল এম্পিয়াৰ।
প্রতি ছেকেণ্ডত এক কুলম্ব প্রৱাহ চালিত হ’লে তাক এক এম্পিয়াৰ বুলি কোৱা হয়।
প্রশ্নঃ পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ পৰিবাহীৰ ৰোধ তলত দিয়া কাৰকৰ ওপৰত নিৰ্ভৰ কৰে-
ক) পৰিবাহীৰ দৈর্ঘ্য,
(খ) পৰিবাহীৰ পৃষ্ঠকালি আৰু
প্রশ্নঃ এক কুলম্ব আধান হ’বলৈ প্রয়োজন হোৱা ইলেক্ট্রনৰ সংখ্যা গণনা কৰা।
উত্তৰঃ এটা ইলেক্ট্ৰণৰ আধান e = 1.6 x 10-¹⁹ C

প্রশ্নঃ পৰিবাহীত বিভবভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা।
প্রশ্নঃ 6V বেটেৰী এটাৰ মাজেৰে চালিত প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?

প্রশ্নঃ পাউরুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
উত্তৰঃ বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতু বোৰৰ ৰোধ বেছি বাবে সংকৰ ধাতুৰ মাজেৰে অলপ পৰিমাণে বিদ্যুত প্রবাহ চালিত হ’লেই ইবোৰ গৰম হয়। সেইবাবে এইবোৰত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয়? আৰু কিয়?
উত্তৰঃ এই ক্ষেত্ৰত শকত তাঁৰডালৰ মাজেৰে বেছি প্রবাহ চালিত হ’ব। কাৰণ, শকত তাঁৰডালৰ বোধ ক্ষীণ তাঁৰতকৈ কম আৰু যিমানেই ৰোধ কম হয় সিমানেই বিদ্যুৎ প্রবাহ চালিত হয়।
প্রশ্নঃ তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী?
(b) কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী
উত্তৰঃ (a) পাৰাতকৈ লোৰ ৰোধ কম হোৱা বাবে লোৰ মাজেৰে বেছি প্রবাহ চালিত হ’ব।
(b) তালিকাৰ পৰা পোৱা যায় ছিলভাৰৰ ৰোধ আটাইতকৈ কম। সেই সেতুকে ছিলভাৰ আটাইতকৈ ভাল পৰিবাহী।
প্রশ্নঃ বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?
উত্তৰঃ বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডালৰ বোধ যথেষ্ট বেছি হোৱা বাবে ইহঁতে বেছি পৰিমাণে বিদ্যুৎ শক্তি তাপ শক্তিলৈ ৰূপান্তৰ কৰে। ফলত এইবোৰ দীপ্ত হয়। আনহাতে, সংযোগী তাঁৰবোৰ কম ৰোধৰ হয় বাবে কম পৰিমাণে বিদ্যুৎ প্রবাহ কৰে ফলত ইবোৰ দীপ্ত নহয়।
প্রশ্নঃ 9600 কুলম্ব আধান 1 ঘণ্টাত 50V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।


প্রশ্নঃ 20Omega ৰোধৰ এটা বৈদ্যুতিক ইস্ত্রিয়ে 5A প্রবাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।

প্রশ্নঃ এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
উত্তৰঃ বৈদ্যুতিক ক্ষমতাই নিৰূপণ কৰে।
প্রশ্নঃ এটা বৈদ্যুতিক মটৰে 220V লাইনৰ পৰা 5A প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা। HSLC’20

প্রশ্নঃ R বোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ
সমতুল্য বোধ R’ হয়, তেতিয়া R/R’ অনুপাত হ’ব-
a) 1/25
(b) 1/5
(c) 5
(d) 25
উত্তৰঃ (d) 25
প্রশ্নঃ তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে?
(a) I²R
(b) IR²
(c) VI
(d) V²/R
উত্তৰঃ (b) IR²
প্রশ্নঃ এটা বৈদ্যুতিক বাল্বৰ 220V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া 110V ত ইয়াক ব্যবহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব-
(a) 100W
(b) 75W
(c) 50W
(d) 25W
উত্তৰঃ (d) 25W
প্রশ্নঃ একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভবভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত-
(a) 1:2
b) 2:1
(c) 1:4
(d) 4:1
উত্তৰঃ (c) 1:4
প্রশ্নঃ দুটা বিন্দুৰ মাজৰ বিভবভেদ জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা?
উত্তৰঃ দুটা বিন্দুৰ মাজত বিভৱভেদ নির্ণয় কৰাৰ বাবে বৰ্তনী এটাত ভল্টমিটাৰ এটা সদায় সমান্তৰালভাৱে সংযোগ কৰিব লাগে।
প্রশ্নঃ এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা 1.6 × 10⁻⁸.10Ω বোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ’ব লাগিব? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰ পৰিবৰ্তন কিমান হ’ব?


প্রশ্নঃ এটা প্রদত্ত বোধকৰ মাজেৰে প্রবাহিত প্রবাহ । ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ ৰ মান তলত দিয়া হ’ল-
I (এম্পিয়াৰ) 0.5 1.0 2.0 3.0 4.0
V (ভোল্ট ) 1.6 3.4 6.7 10.2 13.2
V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু বোধকটোৰ ৰোধ উলিওবা

প্রশ্নঃ যেতিয়া এটা অজ্ঞাত ৰোধ 12V ব এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5mA প্রবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।

প্রশ্নঃ 9Vএটা বেটাৰীৰ লগত 0.2Ω, 0.3Ω, 0.4Ω, 0.5Ω, আৰু 12Ω বোধক কেইটা শ্রেণীবদ্ধভাবে সংযোগ কৰা হৈছে। 12Ω বোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?

প্রশ্নঃ 176Ω ৰ কিমানটা ৰোধক হ’লে 220V ৰ লাইন এটাত 5A প্রবাহ পোৱা যাব?


প্রশ্নঃ 220V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা বোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ 24 Ω মান যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাবে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্রতে প্রবাহ কি হ’ব?

প্রশ্নঃ 2 বোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্রতিটো ক্ষেত্রতে উলিওৱা।
(i) 1Ω আৰু 2Ω ৰ দুটা বোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাবে, আৰু
(ii) 12Ω আৰু 2Ωৰ বোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাবে সংযোগ কৰিলে।

প্রশ্নঃ এটা 220V ত 100W চিহ্নিত আৰু অন্যটো 220V ত 60W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাবে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220V হয়, কিমান প্রবাহ ই ল’ব?

প্রশ্নঃ কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200W ব কটিসেকা সঁজুলি 10 মিনিট চলিলে?

প্রশ্নঃ ৪Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা HSLC’20

প্রশ্নঃ ব্যখ্যা কৰা।
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংস্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ কৰা হয়?
(b) বিদ্যুৎ তাপীয় সঁজুলি যেনে কটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?
(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয়?
(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃ (a) টাংস্টেনৰ ৰোধৰ মান বেছি আৰু গলনাংক অতি উচ্চ হোৱা বাবে এইবোৰক বৈদ্যুতিক বাল্বৰ ফিলামেন্ট হিচাপে ব্যৱহাৰ কৰা হয়।
(b) সংকৰ ধাতুৰ ৰোধৰ মান বিশুদ্ধ ধাতু সাপেক্ষে অতি বেছি। ফলত ই অধিক পৰিমাণৰ তাপ উৎপন্ন কৰিব পাৰে। সেইবাবে ঝটি সেকা সঁজুলি, ইস্ত্রি আদিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়।
(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়, কাৰণ-
(i) শ্রেণীবদ্ধ সজ্জাত প্রতিটো সৰঞ্জামৰ মাজেদি সমপৰিমাণৰ প্ৰবাহ চালিত হয়, যিটো হ’ব নালাগে।
(ii) মুঠ ৰোধৰ পৰিমাণ বেছি হয়, ফলত প্রবাহৰ মান কমি যায়।
(iii) প্রতিটো সৰঞ্জামৰ বাবে বেলেগ বেলেগকৈ চুইচ অফ বা অন কৰিব নোৱাৰি।
(iv) প্রয়োজন নাথাকিলেও প্রতিটো সঁজুলি একেলগে ব্যৱহাৰ কৰিব লগা হয়। ফলত খৰচৰ পৰিমাণ বাঢ়ি যায়।
(d) কোনো পৰিবাহীৰ ৰোধ ইয়াৰ পৃষ্ঠকালিৰ ব্যস্তানুপাতিক। অর্থ্যাৎ,

(c) কপাৰ আৰু এলুমিনিয়ামৰ ৰোধ অতি কম হোৱা বাবে ইয়াৰ মাজেৰে সহজে বিদ্যুৎ চালিত হ’ব পাৰে আৰু ই কম বিদ্যুৎ ব্যৱহাৰ কৰিয়েই অধিক তাপ উৎপন্ন কৰিব পাৰে।
প্রশ্নঃ বিভৱভেদৰ এছ. আই. একক হৈছে-
(a) ভল্ট (Volt)
(b) এম্পিয়াৰ (Am-pere)
(c) জুল (Joul)
(d) এটাও নহয়।
উত্তৰঃ (a) ভল্ট
প্রশ্নঃ ওমৰ সূত্ৰৰ সংজ্ঞা দিয়া।
উত্তৰঃ উষ্ণতা স্থিৰে থকা অৱস্থাত বর্তনীত সংযোজিত প্রদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, তাঁৰডালৰ মাজেৰে যোৱা প্রবাহৰ সমানুপাতিক।
প্রশ্নঃ দুটা বিন্দুৰ মাজৰ বিভৱভেদৰ সংজ্ঞা দিয়া। ইয়াৰ গাণিতিক প্রকাশ ৰাশি লিখা।
উত্তৰঃ প্রবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এটা একক আধান নিওঁতে কৰিবলগীয়া কার্যকে বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে।

প্রশ্নঃ বিদ্যুৎ প্রবাহৰ সংজ্ঞা দিয়া। ইয়াৰ এছ. আই. একক কি?
উত্তৰঃ কোনো পৰিবাহীৰ লম্বচ্ছেদৰ মাজেৰে প্রতি ছেকেণ্ডত চালিত হোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্রবাহ বোলে।
ইয়াৰ এছ, আই, একক হ’ল- এম্পিয়াৰ।
প্রশ্নঃ পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ পৰিবাহী এডালৰ ৰোধ- পদাৰ্থৰ প্রকৃতি আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে।
প্রশ্নঃ 20°C উষ্ণতাত, 1m দৈর্ঘ্যৰ ধাতুৰ তাঁৰ এডালৰ ৰোধ 26Ω। যদি তাঁৰডালৰ ব্যাস 0.03cm হয়, তেন্তে সেই উষ্ণতাত ধাতুৰ ৰোধকতা কিমান হ’ব? HSLC ’19

প্রশ্নঃ 4Ω ৰোধক এটাত প্রতি চেকেণ্ডত উৎপন্ন হোৱা তাপ 100J. ৰোধকটোৰ দুই মূৰৰ মাজত বিভবভেদ উলিওৱা। HSLC ’19


প্রশ্নঃ 6V বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়? HSLC ’19
উত্তৰঃ দিয়া আছে
V=6V
q=1c
W=Vq=6J
প্রশ্নঃ এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5A প্রবাহ লয়। বর্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা। HSLC ’19

প্রশ্নঃ বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি? HSLC ’18
উত্তৰঃ বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হ’ল কিলোৱাট ঘন্টা (KWh)
প্রশ্নঃ শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ HSLC ’15
(ক) এটা পদাৰ্থৰ ৰোধকৰ এচ আই একক
(a) Ω
(b) Ω m
(c) Ω m-¹
(d) Ω m²
প্রশ্নঃ বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1KWh মানে- HSLC ’19

প্রশ্নঃ এটা বৈদ্যুতিক বাল্ব 220V আৰু 100W চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110V ত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ’ব
HSLC ’18
(a) 75W
b) 25W
(c) 100W
(d) 50W
উত্তৰঃ (b) 25W
প্রশ্নঃ এক মাইক্র’এম্পিয়াৰৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক চেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব?- HSLC ’17
প্রশ্নঃ 2 ৰোধক তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ’ল। অংশ চাৰিটা সমান্তৰাল সজ্জাত সংযোগ কৰা হ’ল। সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ Rৰে বুজালে 2: R হ’ব। HSLC ’15
প্রশ্নঃ বৈদ্যুতিক বাল্বৰ ফিলামেন্টৰ জীবনকাল কিদৰে দীঘলীয়া কৰা হয়? HSLC ’17
উত্তৰঃ বৈদ্যুতিক বাল্বৰ জীৱনকাল দীর্ঘ কৰাৰ বাবে বাল্ববিলাকত সাধাৰণতে ৰাসায়নিকভাবে নিষ্ক্রিয় আর্গন আৰু নাইট’জেন গেছ ভৰাই ৰখা হয়।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ বর্তনী এটাত ভ’ল্টমিটাৰ কেনেকৈ সংযোগ কৰিব লাগে?
(a) ৰোধৰ সৈতে শ্রেণীবদ্ধভাবে
(b) ৰোধৰ সৈতে সমান্তৰাল ভাবে
(c) যিকোনো প্ৰকাৰে সংযোগ কৰিব পাৰি
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) বোধৰ সৈতে সমান্তৰালভাবে।
প্রশ্নঃ দুডাল তাঁৰৰ দৈর্ঘ্য, বোধ, ৰোধাংক- প্রতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2। তাঁৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হ’ব?
উত্তৰঃ (a) 1.2
প্রশ্নঃ প্রৱাহ জোখা সঁজুলিবিধৰ নাম-
(a) ভ’ল্টমিটাৰ
(b) এমিটাৰ
(c) গেলভেন’মিটাৰ
(d) বেৰ’মিটাৰ
উত্তৰঃ (b) এমিটাৰ।
প্রশ্নঃ 1 মিলিএম্পিয়াৰ-
প্রশ্নঃ একে পদাৰ্থৰ দুডাল একে দৈর্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভবভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত-
(a) 1:2
(b) 2:1
(c) 1:4
(d) 4:1
উত্তৰঃ (c) 1:4
প্রশ্নঃ বৈদ্যুতিক প্রবাহৰ SI একক-
(a) ওম
(b) ভ’ল্ট
(c) বাট
(d) এম্পিয়াৰ
উত্তৰঃ (d) এম্পিয়াৰ।
প্রশ্নঃ এটা পদাৰ্থৰ ৰোধকতাৰ SI একক-
প্রশ্নঃ এখন বৰ্তনীৰ সংযোগী তাঁৰৰ দৈর্ঘ্য আগৰ তুলনাত আধালৈ হ্রাস কৰা হ’ল। এমিটাৰ পাঠ-
প্রশ্নঃ এটা বৈদ্যুতিক বাল্বৰ 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব-
(a) 100W
(c) 50W
(b) 75W
(d) 25W
উত্তৰঃ (d) 25W
প্রশ্নঃ Ω ৰোধৰ তাঁৰ এডাল চাৰিটা সমান অংশত ভাগ কৰা হ’ল। অংশ চাৰিটা সমান্তৰাল সজ্জাত সংযোগ কৰা হ’ল। সমান্তৰাল সজ্জাত সমতুল্য ৰোধ R ৰে বুজালে 2Ω: R হ’ব-
উত্তৰঃ (a) 16.