অধ্যায়-২

Acids taste sour, bases feel slippery — but in science, they are much more than everyday experiences. In Lesson 2 – এছিড, ক্ষৰক আৰু লৱণ, SEBA Class 10 Science students explore the real chemistry behind the substances we use daily — from lemon juice and soap to baking soda and industrial salts. This chapter builds the base for understanding the pH scale, neutralization reactions, and real-world applications in medicine, agriculture, and industry.
To make your exam preparation easy and effective, NewsNow.website offers complete, exam-ready solutions to all SEBA textbook questions from this chapter. Each solution is explained step-by-step in simple language so that you can build strong concepts, write better answers, and score higher marks in your board exams.
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ ঘ্রানেন্দ্রিক সূচক কাক বোলে? এটা উদাহৰণ দিয়া। HSLC ’24
উত্তৰঃ যিবোৰ পদাৰ্থৰ এছিড আৰু ক্ষাৰকত গোন্ধৰ পৰিৱৰ্তন ঘটে, সেইবোৰক ঘ্রানেন্দ্রিক সূচক বোলে। যেনে- পিঁয়াজ।
প্রশ্নঃ প্রশমন বিক্রিয়া কাক বোলে?
উত্তৰঃ এছিড আৰু ক্ষাৰক পৰস্পৰৰ মাজৰ বিক্রিয়াক প্রশমন বিক্রিয়া বোলে।
প্রশ্নঃ এছিডত নীলা লিটমাছ দিলে কি ঘটিব?
উত্তৰঃ এছিডে নীলা লিটমাছ ৰঙা কৰিব।
প্রশ্নঃ দুবিধ প্রাকৃতিক সূচকৰ নাম লিখা।
উত্তৰঃ হালধী আৰু ৰঙা বন্ধা কবিৰ পাত।
প্রশ্নঃ এবিধ কৃত্রিম সূচকৰ নাম লিখা।
উত্তৰঃ মিথাইল অৰেঞ্জ বা ফিন’লফথেলিন।
প্রশ্নঃ প্রশমন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ NaOH + HCl → NaCl+H₂O
প্রশ্নঃ দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কি?
উত্তৰঃ দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে।
এছিডে পিতল বা তামৰ পাত্ৰৰ সৈতে বিক্রিয়া কৰি খাদ্যবস্তুৰ গুণাগুণৰ লগতে পাত্ৰৰ নষ্ট কৰিব পাৰে।
প্রশ্নঃ এছিডবোৰে কিয় আম্লিক ধর্ম দেখুৱায়?
উত্তৰঃ এছিডে জলীয় দ্রৱত H⁺ আয়ন উৎপন্ন কৰিব পাৰে। সেইবাবে এছিডে আম্লিক ধর্ম দেখুৱায়।
প্রশ্নঃ এছিড বা ক্ষাৰক লঘুকৰণ কাক বোলে?
উত্তৰঃ এছিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্রতি একক আয়তনত আয়নৰ গাঢ়তা হ্রাস পায়। এই প্রক্রিয়াক এছিড বা ক্ষাৰক লঘুকৰণ বোলে।
প্রশ্নঃ এছিড এটাৰ জলীয় দ্রৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উত্তৰঃ এছিড এটাৰ জলীয় দ্ৰৱত H⁺ আয়ন মুক্ত কৰে। সেইবাবে বিদ্যুৎ পৰিবহণ কৰে।
প্রশ্নঃ এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্র’নিয়াম আয়ন (H₃O+) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰঃ হাইড্ৰ’নিয়াম আয়ন (H₃O+)ৰ গাঢ়াত হ্রাস পায়।
প্রশ্নঃ ছ’ডিয়াম হাইড্রক্সাইড দ্রব এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্র’ক্সাইড আয়ন (OH) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰঃ যিবোৰ ৰাসায়নিক বিক্রিয়াত আয়নৰ বিনিময় ঘটে, তেনেবোৰ বিক্রিয়াক দ্বি-অপসৰণ বিক্রিয়া বোলে।
প্রশ্নঃ শুকান HCI য়ে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰঃ শুকান HCI য়ে H⁺ আয়ন মুক্ত কৰিব নোৱাৰে বাবে শুকান লিটমাছ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে।
প্রশ্নঃ তীব্র এছিড আৰু তীব্র ক্ষাৰক কাক বোলে?
উত্তৰঃ দ্ৰৱ এটাত H⁺ আয়ন বেছি পৰিমাণে থাকিলে তীব্র এছিড আৰু OH- আয়ন বেছি পৰিমাণে থাকিলে তীব্র ক্ষাৰক বোলে।
প্রশ্নঃ দন্তক্ষয় কেতিয়া হয়?
উত্তৰঃ আমাৰ মুখৰ ভিতৰৰ Pᴴ ৰ মান 5.5 তকৈ কম হ’লে দন্তক্ষয় হয়।
প্রশ্নঃ দন্তক্ষয় ৰোধ কৰাৰ এটা উপায় লিখা।
উত্তৰঃ দাঁত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰি দন্তক্ষয় ৰোধ কৰিব পাৰি। কাৰণ টুথপেষ্ট ক্ষাৰকীয়।
প্রশ্নঃ মৌ-মাখিয়ে বিন্ধিলে কিয় পোৰণি আৰু বিষ হয়?
উত্তৰঃ মৌ-মাখিয়ে বিন্ধিলে শুঙৰ পৰা মিথানইক এছিড নিঃসৃত হয়। সেইবাবে পোৰণি আৰু বিষ হয়।
প্রশ্নঃ মৌ-মাখিয়ে বিন্ধিলে পোৰণি আৰু বিষৰ পৰা সকাহ পাবলৈ আমি কি ব্যৱহাৰ কৰিব পাৰোঁ?
উত্তৰঃ বেকিং ছ’ডা।
প্রশ্নঃ তীব্র এচিড আৰু মৃদু ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰ কেনেকুৱা প্ৰকৃতিৰ?
উত্তৰঃ আম্লিক প্রকৃতিৰ।
প্রশ্নঃ তীব্র ক্ষাৰক আৰু মৃদু এছিডৰ বিক্রিয়াজাত লবণবোৰ কেনেকুৱা প্ৰকৃতিৰ?
উত্তৰঃ ক্ষাৰকীয় প্রকৃতিৰ।
প্রশ্নঃ ব্রাইন কি?
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱক ব্রাইন বোলে?
প্রশ্নঃ হাইড্ৰ’জেনৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (ক) ইন্ধন হিচাপে।
(খ) কৃত্রিম মাখন হিচাপে।
প্রশ্নঃ ক্ল’ৰিণৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (ক) পানী পৰিশোধনত।
(খ) বীজাণুনাশক হিচাপে।
প্রশ্নঃ NaOH ৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (ক) ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ।
(খ) চাবোন আৰু অপমাৰ্জক প্ৰস্তুতকৰণত।
প্রশ্নঃ ব্লিচিং পাউদাৰ কেনেকৈ প্ৰস্তুত কৰা হয়?
উত্তৰঃ শিথিলিত চূণ আৰু ক্ল’ৰিণৰ মাজত বিক্রিয়া ঘটাই ব্লিচিং পাউদাৰ প্ৰস্তুত কৰা হয়।
প্রশ্নঃ ব্লিচিং পাউদাৰ প্ৰস্তুতকৰণত সংঘটিত বিক্রিয়াটো লিখা।
উত্তৰঃ Ca(OH)₂ + Cl₂ → CaOCl₂ + H₂O
প্রশ্নঃ মৃদু এছিড আৰু মৃদু ক্ষাৰক কাক বোলে?
উত্তৰঃ দ্ৰৱ এটাত H⁺ আয়ন কম পৰিমাণে থাকিলে মৃদু এছিড আৰু OH- আয়ন কম পৰিমাণে থাকিলে মৃদু ক্ষাৰক বোলে।
প্রশ্নঃ এছিড বৰষুণ কেতিয়া হয়?
উত্তৰঃ বৰষুণৰ পানীৰ Pᴴ ৰ পৰিমাণ 5.6 তকৈ কম হ’লে এছিড বৰষুণ হয়।
প্রশ্নঃ অজীর্ণতা কি?
উত্তৰঃ পেটে অত্যধিক এছিড উৎপন্ন কৰিলে পেটত জ্বলা-পোৰা আৰু বিষ হয়। ইয়াকে অজীর্ণতা বোলে।
প্রশ্নঃ ব্লিচিং পাউদাৰৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ ৰাসায়নিক উদ্যোগত জাৰক পদার্থ হিচাপে বা খোৱা পানী বীজাণুমুক্ত কৰিবলৈ।
প্রশ্নঃ বেকিং ছ’ডাৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ বা ছ’ডা-এচিড অগ্নি নির্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ কাপোৰ ধোৱা ছ’ড়া কেনেকৈ প্ৰস্তুত কৰা হয়?
উত্তৰঃ ছ’ডিয়াম কার্বনেটৰ পুনঃস্ফটিকীকৰণ ঘটালে কাপোৰ ধোৱা ছ’ডা প্রস্তুত কৰা হয়।
প্রশ্নঃ কাপোৰ ধোৱা ছ’ডাৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কাপোৰ ধোৱা ছাঁড়া ব্যৱহাৰ কৰা হয়।
প্রশ্নঃ দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰঃ দৈ আৰু টেঙাজাতীয় খাদ্য বস্তুত এচিড থাকে। এচিডে পিতল আৰু তামৰ লগত বিক্রিয়া কৰি খাদ্যবস্তু নষ্ট কৰে। সেয়ে দৈ আৰু টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত থোৱা নহয়।
প্রশ্নঃ তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্রমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? HSLC ’19
উত্তৰঃ তিনিটা লিটমাছ কাগজ লোৱা হ’ল।
এতিয়া যিটো পৰীক্ষা নলীত লিটমাছ কাগজৰ বৰণ বেঙুনীয়া হয়, সেইটোত পানী আছে।
যিটো পৰীক্ষা নলীৰ লিটমাছৰ বৰণ নীলা হয়, সেইটোত ক্ষাৰ আছে।
যিটো পৰীক্ষা নলীৰ লিটমাছৰ বৰণৰ কোনো পৰিৱৰ্তন নহয়, সেইটোত এছিড আছে।
প্রশ্নঃ এটা ধাতব যৌগ লঘু হাইড্র’ক্ল ‘ৰিক এচিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
উত্তৰঃ উক্ত বিক্ৰিয়াটোৰ বাবে সমতুল সমীকৰণটো হ’ল- CaCO₃+2HC1 → CaC1₂+CO₂+H₂O
প্রশ্নঃ জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক ‘হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায়?
উত্তৰঃ জলীয় দ্রৱত আয়নীত হৈ হাইড্র’জেন আয়ন (H⁺) মুক্ত কৰে। সেইবাবে ইহঁতে আম্লিক ধর্ম দেখুৱায়।।
আনহাতে, এলক ‘হল আৰু গ্লুক’জ জলীয় দ্ৰৱত আয়নীত হৈ হাইড্র’জেন আয়ন (H⁺) মুক্ত নকৰে। সেইবাবে ইহঁতে আম্লিক ধর্ম নেদেখুৱায়।
প্রশ্নঃ এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উত্তৰঃ এছিডবোৰে জলীয় দ্ৰৱত আয়নীত হৈ হাইড্র’জেন আয়ন সৃষ্টি কৰে। সেইবাবে এছিডৰ জলীয় দ্রবই বিদ্যুৎ পৰিবহণ কৰিব পাৰে।
প্রশ্নঃ শুকান HC1 গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰঃ শুকান HC1 এছিডে H⁺ আয়ন উৎপন্ন কৰিব নোৱাৰে বাবে ই শুকান লিটমাছৰ ৰঙৰ পৰিবৰ্তন নঘটায়।
প্রশ্নঃ এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰঃ এছিডত পানী মিহলি কৰিলে অত্যধিক পৰিমাণে তাপৰ উদ্ভৱ হয়। যাৰ ফলত বিক্রিয়া সংঘটিত কৰা বিকাৰ ভাঙি যাব পাৰে আৰু গাৰ কাপোৰ পুৰিব পাৰে। সেইবাবে এছিডক লঘু কৰোঁতে পানী মিহলি কৰা নহয়।
প্রশ্নঃ এছিড এটা লঘু কৰোঁতে হাইড্র’নিয়াম আয়ন (H₂O) ৰ গাঢ়তা কিদৰে পৰিবৰ্তন হয়?
উত্তৰঃ এছিড পানীৰ সৈতে মিহলালে (H₃O+) আয়নৰ প্ৰতি একক আয়তনৰ মান হ্রাস পায়, ফলত এছিড লঘু হয়।
প্রশ্নঃ ছ’ডিয়াম হাইড্র ‘ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্র ‘ক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব?
উত্তৰঃ ছ’ডিয়াম অক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে গাঢ় হাইড্র’ক্সাইড আয়নে দ্ৰৱটোৰ প্ৰতি একক আয়তন বৃদ্ধি কৰে।
প্রশ্নঃ মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চুণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্র’ক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা?
উত্তৰঃ চূণ বা শিথিলিত চুণ বা চক মাটিত ব্যৱহাৰ কৰিলে মাটিৰ Pᴴ ৰ পৰিমাণ কমি আহে, ফলত অম্লৰ পৰিমাণ বৃদ্ধি হয়।
প্রশ্নঃ যৌগ CaOC1₂ ৰ সাধাৰণ নামটো কি?
উত্তৰঃ ব্লিচিং পাউদাৰ।
প্রশ্নঃ: ছ’ডিয়াম হাইড্র’জেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰঃ ছ’ডিয়াম হাইড্র’জেনকার্বনেটত তাপ প্রয়োগ কৰিলে Na₂CO₃ আৰু CO₂ উৎপন্ন হয়। 2NaHCO₃ → Na₂CO₃ + CO₂+ H₂O
প্রশ্নঃ প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্রিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।
উত্তৰঃ 2CaSO.₄½ H₂O + H₂O → 2CaSO₄.2H₂O
প্রশ্নঃ এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ‘ইয়াত Pᴴ হ’ব পাৰে- HSLC ’16, 18
(a) 1
(b) 4
(c) 5
(d) 10
উত্তৰঃ (d) 10
প্রশ্নঃ এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোবে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে-
(a) NaC1
(c) LiC1
HSLC ’15, 19
(b) HC1
(d) KC1
উত্তৰঃ (b) HC1
প্রশ্নঃ NaOH দ্ৰৰ এটাৰ 10mL এ HCI দ্ৰৱ এটাৰ 8mL সম্পূর্ণরূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 200mL লওঁ তেন্তে এই প্রশমিত কৰিবলৈ লগা HCI দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব-
(a) 4mL
(b) 8mL
(c) 12mL
(d) 16mL
উত্তৰঃ (d) 16mL
প্রশ্নঃ অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? HSLC ’17
(a) এন্টিবায়’টিক
(c) অম্লনাশক
(b) বেদনানাশক
(d) বীজানুবাৰক
উত্তৰঃ (c) অম্লনাশক।
প্রশ্নঃ সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া-
(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।
(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।
(d) লঘু হাইড্র’ক্ল’বিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।
উত্তৰঃ
(a) ছালফিউৰিক এছিড+যিংক যিংক ছালফেট হাইড্র’জেন H₂SO₄ + Zn → ZnSO₄ + H₂
(b) হাইড্র’ক্ল’ৰিক এছিড + মেগনেছিয়াম মেগনেছিয়াম ক্ল’ৰাইড+ হাইড্র’জেন 2HC1 + Mg→ MgCl₂ + H₂
(c) ছালফিউৰিক এছিড এলুমিনিয়াম এলুমিনিয়াম ছালফেট হাইড্র’জেন 3H₂SO₄ + 2A1→ A1₂(SO₄)₃ + 3H₂
(d) হাইড্র ‘ক্ল’ৰিক এছিড আইৰণ আইৰণ ক্ল’ৰাইড + হাইড্র’জেন 2HC1 + Fe → FeC1₂ + H₂
প্রশ্নঃ এলক’হ’ল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্র’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্রেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
উত্তৰঃ এটা বিকাৰত গ্লুক’জৰ বা এলক ‘হ’লৰ দ্ৰৱ লোৱা হ’ল। কৰ্কৰ সহায়ত দ্ৰৱৰ ভিতৰত দুডাল গজাল সোমোৱাই দি গজাল দুটাৰ মূৰত দুটা 6 ভ’ল্টৰ বেটাৰী, এটা বাল্ব আৰু এটা চুইচ সংযোগ কৰা হ’ল। এতিয়া চুইচটো দিয়াত বাল্বটো জ্বলা নাই। অর্থাৎ, দ্রবত হাইড্র’জেন আয়ন (H⁺) উৎপন্ন হোৱা নাই। সেইবাবে এলক’হ’ল আৰু গ্লুক’জক এছিডৰ শ্রেণীভূক্ত কৰা হোৱা নাই।
প্রশ্নঃ পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উত্তৰঃ বৰষুণৰ পানীত H’ আয়ন থাকে বাবে বিদ্যুৎ সৰবৰাহ কৰে। আনহাতে, পাতিত পানীত H⁺ আয়ন নাথাকে বাবে বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে।
প্রশ্নঃ পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে কিয়?
উত্তৰঃ পানীৰ অনুপস্থিতিত এছিডে হাইড্র ‘নিয়াম আয়ন সৃষ্টি নকৰে। সেইবাবে ইবোৰে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে।
প্রশ্নঃ পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত Pᴴ ৰ মান ক্রমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রব-
(a) প্রশম।
(b) তীব্র ক্ষাৰকীয়।
(c) তীব্র আম্লিক।
(d) মৃদু আম্লিক।
(e) মৃদু ক্ষাৰকীয়।
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত Pᴴ ৰ মানবোৰ সজোৱা।
উত্তৰঃ
(a) D প্রশম
(b) C তীব্র ক্ষাৰকীয়
(c) B তীব্র আম্লিক
(d) A মৃদু আম্লিক
(e) E মৃদু ক্ষাৰকীয়।
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্রমত Pᴴ ৰ মানবোৰ হ’ল- 11<9<7<4<1
প্রশ্নঃ পৰীক্ষানল A আৰু B ত সমান সমান দৈর্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল B ত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়?
উত্তৰঃ পৰীক্ষানল A ত বেছি বেগেৰে বুৰবুৰণি ওলাব। কাৰণ, HCI এছিড CH₃ COOH তকৈ তীব্র। গতিকে HC1 এছিড আৰু মেগনেছিয়ামৰ মাজৰ বিক্ৰিয়াৰ বেগ বেছি হ’ব।
প্রশ্নঃ এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ PH ৰ মান 6 ব পৰা সামান্যভাবে ক্ষাৰকীয় কৰি ল’লে।
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উত্তৰঃ (a) গাখীৰত বেকিং ছ’ডা মিহলালে গাখীৰ সামান্য পৰিমাণে ক্ষাৰুৱা হয়। ফলত গাখীৰ বেছি সময়লৈ নষ্ট নোহোৱাকৈ থাকে।
(b) লেক্টিক এছিড বেকিং ছ’ডাৰ লগত বিক্রিয়া কৰি প্ৰশম হয়। এতিয়া গাখীৰ দৈত পৰিণত হ’বলৈ অধিক পৰিমাণৰ লেক্টিক এছিডৰ প্ৰয়োজন হ’ব। ফলত গাখীৰ দৈত পৰিণত হ’বলৈ অধিক সময়ৰ প্ৰয়োজন।
প্রশ্নঃ প্রশমণ বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্ব ব্যৱহাৰ লিখা।
উত্তৰঃ এছিড আৰু ক্ষাৰৰ মাজৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াক প্রশমণ বিক্রিয়া বোলে।
উদাহৰণঃ (a) HC1(aq) + NaOH (aq) →NaC1₂(aq) + H₂O(I)
(b) 2NaOH(aq) + H2SO₄(aq) → Na2SO₄(aq) + 2H₂O(I)
প্রশ্নঃ এলকালি কাক বোলে?
উত্তৰঃ যিবোৰ পদার্থ পানীত দ্রবীভূত হয় সেইবোৰক এলকালি বোলে।
প্রশ্নঃ পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইডৰ নাম লিখা।
উত্তৰঃ (ক) মেগনেছিয়াম অক্সাইড, (খ) কেলছিয়াম অক্সাইড।
প্রশ্নঃ লিটমাছ দ্ৰৱ কি? প্রশম অবস্থাত ইয়াৰ ৰং কেনেকুৱা?
উত্তৰঃ লিটমাছ হ’ল লাইজেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবধি ৰঞ্জক পদার্থ।
প্রশম অৱস্থাত ইয়াৰ ৰং বেঙুনীয়া।
প্রশ্নঃ অজীর্ণতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধৰ ব্যৱহাৰ কৰা হয়? HSLC ’17
(a) এন্টিবায়’টিক
(b) বেদনা নাশক
(c) অম্লনাশক
(d) বীজানুবাৰক
উত্তৰঃ (c) অম্লনাশক
প্রশ্নঃ খাদ্য বস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়, জিংকৰ নহয় কিয়? HSLC ’18
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্রিয়
(d) জিংক টিনতকৈ কম সক্রিয়
উত্তৰঃ (d) জিংক টিনতকৈ কম সক্রিয়
প্রশ্নঃ যৌগ CaOC1₂ ৰ সাধাৰণ নামটো কি?
উত্তৰঃ ব্লিচিং পাউডাৰ।
প্রশ্নঃ pH কাক বোলে?
উত্তৰঃ হাইড্রনিয়াম আয়ন (H₃O+) ৰ ঋণাত্মক লগাৰিথিমক pH বোলে।
প্রশ্নঃ প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। HSLC ’19
উত্তৰঃ এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াকেই প্রশমন বিক্রিয়া বুলি কোৱা হয়। উদাহৰণ:
NaOH (aq) + HC1 (aq) → NasC1 (aq) + H₂O (I) 2KOH (aq) +H₂SO₄ (aq) →K₂SO₄ (aq) + 2H₂O (l)
প্রশ্নঃ বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণটো লিখা। HSLC ’18
উত্তৰঃ বেকিং ছ’ডাৰ ৰাসায়নিক নাম ছডিয়াম হাইড্র’জেন কার্বনেট (NaHCO₃)। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ’ল: NaC1 + H₂O + CO₂ + NH₃ → NHC1 + NaHCO₃
প্রশ্নঃ তোমাক দুটা দ্ৰৱ A আৰু B দিয় হ’ল। দ্ৰৱ Aৰ PH ৰ মান 3 আৰু দ্ৰৱ B ৰ PH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’ব? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰকীয়? HSLC ’17
উত্তৰঃ দ্ৰৱ Aৰ pH মান 3 আৰু দ্ৰৱ B ৰ pH মান ৪। ইয়াত A ত হাইড্ৰ’জেনৰ আয়নৰ গাঢ়তা বেছি হ’ব। দ্ৰৱ A ৰ pH মান যিহেতু 7 তকৈ কম, সেয়ে ই আম্লিক। আনহাতে দ্ৰৱ Bৰ pH মান যিহেতু 7 তকৈ বেছি সেয়ে ই ক্ষাৰকীয়।
প্রশ্নঃ তোমাক A আৰু B দুটা দ্ৰৱ দিয় হ’ল। Aৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি হ’ব? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰকীয়? HSLC ’15, ’20
উত্তৰঃ A দ্ৰৱটোৰ হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি।
A দ্ৰৱটো আম্লিক।
B দ্ৰৱটো ক্ষাৰকীয়।
প্রশ্নঃ কঠিন পানীক কোমল পানীলৈ ৰূপান্তৰিত কৰিবলৈ ব্যৱহাৰ কৰা ছ’ডিয়ামৰ যৌগটোৰ নাম লিখা। HSLC ’16
উত্তৰঃ ছ’ডিয়াম কার্বনেট (Na₂CO₃)
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ NaOH দ্ৰৰ এটাৰ 10 mL এ HC1 দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰবৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HC1 দ্ৰৱৰ পৰিমাণ হ’ব-
(a) 4 mL
(b) 8 mL
(c) 16 mL
(d) 12 mL
উত্তৰঃ (c) 16 mL
প্রশ্নঃ অজীর্ণতাৰ চিকিৎসা বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
(a) এন্টিবায় ‘টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজাণুবাৰক
উত্তৰঃ (c) অম্লনাশক।
প্রশ্নঃ ধাতব কার্ব’নেট নাইবা ধাতব হাইড্র’জেন কাৰ্ব’নেটৰ সৈতে এছিডে বিক্রিয়া কৰিলে সাধাৰণতে নিৰ্গত হোৱা গেছবিধ হ’ল-
(a) কার্বন-ডাই-অক্সাইড গেছ।
(b) হাইড্র’জেন গেছ।
(c) নাইট্র’জেনন গেছ।
(d) ক্ল’ৰিণ গেছ।
উত্তৰঃ (a) কার্বন-ডাই-অক্সাইড গেছ।
প্রশ্নঃ চোৰাতৰ শুঙত থকা এছিডবিধ হ’ল-
(a) মিথানইক এছিড
(b) টাৰটাৰিক এছিড
(c) চাইট্রিক এছিড
(d) এছেটিক এছিড
উত্তৰঃ (a) মিথানইক এছিড।
প্রশ্নঃ তেতেলি টেঙাত থকা এছিডবিধ হ’ল-
(a) মিথানইক এছিড
(b) টাৰটাৰিক এছিড
(c) চাইট্রিক এছিড
(d) এছেটিক এছিড
উত্তৰঃ (b) টাৰটাৰিক এছিড।
প্রশ্নঃ দৈত থকা এছিডবিধ হ’ল-
(a) মিথানইক এছিড
(b) লেকটিক এছিড
(c) চাইট্রিক এছিড
(d) অজেলিক এছিড
উত্তৰঃ (b) লেকটিক এছিড।
প্রশ্নঃ এটা দ্রবই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোবে চূণপানী ঘোলা কৰে। দ্ৰৱটো হ’ব-
(a) NaC1
(c) LiC1
(b) HC1
(d) KC1
উত্তৰঃ (b) HC1
প্রশ্নঃ তলৰ কোনটো প্রাকৃতিক সূচক নহয়?
(a) হালধি
(b) ৰঙা বন্ধাকবিৰ পাত
(c) ফিন ‘লফথেলিন
(d) জবা ফুলৰ পাহি
উত্তৰঃ (c) ফিন’লথেলিন।
প্রশ্নঃ বিশুদ্ধ পানীৰ Pᴴ ৰ মান-
(a) 7
(b) 5
(c) 10
(d) 1
উত্তৰঃ (a) 7
প্রশ্নঃ প্রশম অবস্থাত লিটমাছৰ ৰং-
(a) হালধীয়া
(b) ৰঙা
(c) বেঙুনীয়া
(d) গুলপীয়া
উত্তৰঃ (c) বেগুণীয়া।
প্রশ্নঃ ক’পাৰ অক্সাইডৰ লগত লঘু হাইড্ৰ’ক্ল’ৰিক এছিড যোগ কৰিলে দ্ৰৱটোৰ ৰং হ’ব-
(a) ৰঙা-সেউজীয়া
(b) নীলা-সেউজীয়া
(c) কমলা-সেউজীয়া
(d) বেঙুনীয়া সেউজীয়া
উত্তৰঃ (b) নীলা-সেউজীয়া।
প্রশ্নঃ এছিডত থকা কেটায়নটো হ’ল-
(a) H⁺
(b) OH-
(c) C1-
(d) Na⁺
উত্তৰঃ (a) H⁺
প্রশ্নঃ এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pᴴ হ’ব পাৰে-
(a) 1
(b) 4
(c) 5
(d) 10
উত্তৰঃ (d) 10
প্রশ্নঃ আমাৰ শৰীৰৰ P” ৰ পৰিসৰ-
(a) 5.0 ৰ পৰা 6.0 Pᴴ
(b) 5.5 ৰ পৰা 5.6 pᴴ
(c) 8.1 ৰ পৰা 8.7 pᴴ
(d) 7.0 ৰ পৰা 7.8 pᴴ
উত্তৰঃ (d) 7.0 ৰ পৰা 7.8
প্রশ্নঃ নেমু টেঙাত থকা এছিডবিধ হ’ল-
(a) মিথানইক এছিড
(b) টাৰটাৰিক এছিড
(c) চাইট্রিক এছিড
(d) এছেটিক এছিড
উত্তৰঃ (c) চাইট্রিক এছিড।
প্রশ্নঃ তলৰ কোনবিধ অম্লনাশক?
(a) মেগনেছিয়াম ক্ল’ৰাইড
(b) মেগনেছিয়াম হাইড্রক্সাইড
(c) মেগনেছিয়াম অক্সাইড
(d) মেগনেছিয়াম ছালফেট।
উত্তৰঃ (b) মেগনেছিয়াম হাইড্র’ক্সাইড।