অধ্যায়-৫
মৌলৰ পৰ্যাবৃত্ত শ্রেণীবিভাজন

The periodic table isn’t just a chart — it’s the blueprint of all matter. In SEBA Class 10 Science Lesson 5 – মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন, students uncover how elements are classified, how their properties follow trends, and why their position in the table reveals so much about their behavior. From Dobereiner’s triads to the modern periodic law, this chapter forms the core of understanding chemistry in higher classes.
To make this chapter easy and exam-ready, NewsNow.website offers accurate, step-by-step solutions to all textbook questions. Written in simple, student-friendly language, our solutions explain every concept clearly, helping you build strong fundamentals and score confidently in the SEBA board exam.
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উত্তৰঃ হয়, আছিল। যেনে- H, F, Cl, Li, Na, K, Be আদি।
প্রশ্নঃ মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্ৰটো লিখা।
উত্তৰঃ “মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্রমে সলনি হয়।”
প্রশ্নঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত সেই সময়ত আবিষ্কৃত মৌলৰ কোনটো মৌলক স্থান দিব পৰা নাছিল?
উত্তৰঃ হাইড্ৰ’জেন মৌলক।
প্রশ্নঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ এটা সীমাবদ্ধতা লিখা।
উত্তৰঃ এটা মৌলৰ পৰা পাছৰ মৌলটোলৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে।
প্রশ্নঃ সম্ভ্রান্ত গেছবোৰক এক সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
উত্তৰঃ সম্ভ্রান্ত গেছবোৰে আন কোনো মৌলৰ লগত বিক্রিয়া নকৰে বা ইহঁতে বহিঃকক্ষৰ ইলেক্ট্রন এৰিও নিদিয়ে নাইবা গ্রহণো নকৰে। সেইবাবে ইহঁতক এটা সুকীয়া বর্গত স্থান দিয়া হৈছে।
প্রশ্নঃ আধুনিক পর্যাবৃত্ত সূত্রটো লিখা।
উত্তৰঃ “মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্রমে সলনি হয়।”
প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণুৰ আকাৰ কমে। কিয়?
উত্তৰঃ বৰ্দ্ধিত নিউক্লিয় আধানে ইলেক্ট্রনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে। ফলত পৰমাণুৰ আকাৰ কমে।
প্রশ্নঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি কি আছিল? HSLC ’20
উত্তৰঃ নিউলেণ্ডছৰ অষ্টক নিয়মটোৰ সীমাবদ্ধতা হ’ল-
(ক) নিউলেগুছৰ অষ্টক নিয়মটো কেৱল মাত্র কেলছিয়াম ধাতুৰ বাবেহে প্রযোজ্য।
(খ) নিউলেণ্ডছৰ তালিকাত কেতিয়াবা দুটা মৌল একেটা স্থানতে প্রতিষ্ঠা কৰিছিল। বিসদৃশ মৌলবোৰ একেভাৱে ৰাখিছিল।
(গ) নিষ্ক্রিয় গেছৰ বাবে নিউলেণ্ডছৰ অষ্টক নীতিটো প্রযোজ্য নাছিল।
প্রশ্নঃ মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।- K, C, A1, Si, Ba.
উত্তৰঃ K = K₂O, C = CO₂, A1 = A1₂0₃, Si = SiO₂, Ba = BaO.
প্রশ্নঃ সম্ভ্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? HSLC ’18
উত্তৰঃ সম্ভ্রান্ত গেছবোৰে ৰাসায়নিক বিক্রিয়াত অংশগ্রহণ নকৰে। সেইবাবে ইবোৰক অন্যান্য মৌলতকৈ পৃথক বৰ্গত ৰখা হৈছে।
প্রশ্নঃ আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল? HSLC ’20
উত্তৰঃ আধুনিক পর্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ তলত দিয়া দৰে দূৰ কৰিছিল-
(ক) হাইড্ৰ’জেনৰ স্থানঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ হ’ল তেওঁ হাইড্র’জেনক তালিকাত সঠিক স্থান দিব পৰা নাছিল। আধুনিক পর্যাবৃত্ত তালিকাত হাইড্র’জেনক প্রথম বৰ্গৰ একেবাৰে ওপৰফালে ক্ষাৰ ধাতু সমূহৰ ওপৰত ৰখা হৈছে।
(খ) সমস্থানিকৰ অৱস্থানঃ যিবোৰ মৌলৰ পৰমাণুত থকা প্ৰ’টনৰ সংখ্যা একে, সেইবোৰৰ পাৰমাণৱিক সংখ্যাও একে। গতিকে সমস্থানিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এইবোৰক পর্যাবৃত্ত তালিকাত একেটা বর্গতে স্থান দিয়া হৈছে।
প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ পৰ্য্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিবৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয়? HSLC ’18
(a) মৌলবোৰ কম ধাতবধর্মী হৈ পৰে।
(b) যোজক ইলেক্ট্রনৰ সংখ্যা বাড়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰে বেছি আম্লিক হৈ পৰে।
উত্তৰঃ (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন?
উত্তৰঃ (a) নিয়ন, Ne (2.8)
(b) মেগনেছিয়াম, Mg (2.8.2)
(c) ছিলিকন, Si (2.8.4)
(d) ব’ৰণ, B (2.3)
(e) কার্বন, C (2.4)
প্রশ্নঃ গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আবিষ্কৃত হোৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা) HSLC ’18
উত্তৰঃ (ক) স্কেণ্ডিয়াম (খ) জার্মেনিয়াম।
প্রশ্নঃ মেণ্ডেলিভে তেওঁৰ পর্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল?
উত্তৰঃ (ক) মেণ্ডেলিভে মৌলসমূ হক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল।
(খ) মৌলসমূহে গঠন কৰা হাইড্রাইড আৰু অক্সাইডবোৰৰ সংকেতক মৌলবোৰৰ শ্রেণীবিভাজন কৰোতে বিশেষ গুরুত্ব প্রদান কৰিছিল।
প্রশ্নঃ মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি?
উত্তৰঃ (ক) বেৰিলিয়াম আৰু (খ) কেলছিয়াম। এই মৌল দুটাৰ যোজক কক্ষত সমান সংখ্যক ইলেক্ট্রণ থকা বাবে মেগনেছিয়ামৰ দৰে বিক্রিয়া দেখুৱাব।
প্রশ্নঃ (a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম- এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্রিয়া কৰি হাইড্র’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নো এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?
উত্তৰঃ (a) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম ধাতুৰ মাজৰ এইটোৱেই সাদৃশ্য যে ইহঁতৰ প্ৰত্যেকৰে পৰমাণুৰ বহিৰতম কক্ষত মাত্র এটাকৈ ইলেক্ট্রন থাকে।
(b) হিলিয়াম আৰু নিয়নৰ মাজৰ সাদৃশ্য হ’ল- ইহঁত দুয়োটাৰ পৰমাণুৰ বহিৰতম কক্ষ পৰিপূৰ্ণ হৈ থাকে।
প্রশ্নঃ (a) পর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধর্ম আছে?
(b) পর্যাবৃত্ত তালিকাত ফুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে?
উত্তৰঃ (a) সিহঁতৰ আটাইবোৰৰে যোজ্যতা 3 হয়।
(b) সিহঁতৰ আটাইবোৰৰে যোজ্যতা 1 হয়।
প্রশ্নঃ নাইট্র’জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ’ৰাছ (পাৰমাণবিক সংখ্যা 15) পর্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয়? HSLC ’18
উত্তৰঃ নাইট্ৰ’জেনৰ ক্ৰমাংক 2, ইলেকট্রনীয় বিন্যাস 2.5। ফছফৰাছৰ পৰমাণু ক্রমাংক 15, ইলেকট্রনীয় বিন্যাস 2.8.5। নাইট্ৰ’জেন আৰু ফছফৰাছ একেটা বৰ্গৰ মৌল। ফছফৰাছৰ পাৰমাণৱিক আকাৰ নাইট্ৰ’জেনতকৈ বেছি। নাইট্ৰ’জেনৰ বিদ্যুৎ ঋণাত্মক গুণ ফছফৰাছতকৈ বেছি।
প্রশ্নঃ এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস 2, 8, 7 HSLC ’20
(a) এই মৌলটোৰ পাৰমাণবিক সংখ্যা কি?
(b) তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া হৈছে)
N(7) F(9) P(15) Ar(18)
উত্তৰঃ (a) ইয়াৰ পাৰমাণৱিক সংখ্যা 17।
(b) মৌলটো হ’ব ফ্লুৰিন। ইয়াৰ পৰমাণু ক্রমাংক 9 আৰু ইলেকট্রনীয় বিন্যাস 2.7.
প্রশ্নঃ পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পৰ্য্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?
উত্তৰঃ আধুনিক পর্যাবৃত্ত তালিকাত মৌল এটাৰ পৰমাণু ক্ৰমাংক আৰু ইলেকট্রনীয় বিন্যাসে মৌলটো কোনটো বর্গত থাকিব তাৰ অৱস্থান নিৰূপণ কৰে। উদাহৰণস্বৰূপে ছ’ডিয়ামৰ ইলেকট্র ‘নীয় বিন্যাস 2.8.1। গতিকে ইয়াৰ যোজক কক্ষত 1টা মাত্র ইলেকট্রন থাকে। পর্যাবৃত্ত তালিকাত ইয়াৰ অৱস্থান প্রথম বৰ্গত হ’ব। ইয়াৰ মুঠ কক্ষৰ সংখ্যা 3 টা গতিকে ইয়াৰ পৰ্য্যায় হ’ব তৃতীয়।
প্রশ্নঃ মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement) ৰ তুলনা কৰা।
উত্তৰঃ মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত-
(ক) ৪ টা মাত্র বর্গ আছিল।
(খ) সমস্থানিকৰ বাবে কোনো নির্দিষ্ট স্থান নাছিল।
(গ) সম্ভ্রান্ত গেছক বেলেগ স্থান দিয়া নাছিল।
আধুনিক পর্যাবৃত্ত তালিকাত-
(ক) মুঠ 18 টা বর্গ আছে।
(খ) সমস্থানিকবোৰ সুকীয়া স্থানত ৰখা হৈছে।
(গ) সম্ভ্রান্ত গেছবোৰক এক নিদ্দিষ্ট বর্গত স্থান দিয়া হৈছে।
প্রশ্নঃ তলত দিয়াবোৰৰ পৰা ধাতুকল্পবোৰ বাছি উলিওঁরা।
(a) P
(c) Cl
(b) S
(d) Si
উত্তৰঃ (d) Si
প্রশ্নঃ একে বর্গত থকা মৌল কেইটা
(a) Li, Na, K
(b) Li, Be, B
(c) Na, Mg, Al
(d) P, S, Cl
উত্তৰঃ (a) Li, Na, K
প্রশ্নঃ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্যায় কাক বোলে?
উত্তৰঃ পৰ্য্যাবৃত্ত তালিকাখনৰ পথালিকৈ থকা শাৰীবোৰক পৰ্য্যায় বোলে।
প্রশ্নঃ আধুনিক পর্যাবৃত্তৰ সংজ্ঞা দিয়া।
উত্তৰঃ মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম মৌলবোৰৰ পাৰমাণবিক সংখ্যা অনুযায়ী পৰিৱৰ্তন হয়।
প্রশ্নঃ X মৌলটো পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গত ৰখা হৈছে। ইয়াৰ ক্ল ‘ৰাইডৰ সংকেত। ……….।
(a) XCI,
(b) XCI
(c) X₂CI
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (a) XC1,
প্রশ্নঃ মৌলৰ যোজ্যতা কাক কয়?
উত্তৰঃ কোনো এটা মৌলৰ এটা পৰমাণুৱে ইয়াৰ নিকটবর্তী সম্ভ্রান্ত গেছৰ ইলেকট্রনীয় বিন্যাস পাবলৈ গ্রহণ কৰা বা এৰি দিয়া নাইবা অন্য মৌলৰ সৈতে ভগাই লোৱা ইলেকট্রনৰ সংখ্যাক মৌলৰ যোজ্যতা বোলে।
প্রশ্নঃ শুদ্ধ উত্তৰটো লিখাঃ HSLC ’16
মৌলৰ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ ক্রমান্বয়ে
(ক) বাঢ়ে
(খ) কমে
(গ) একেই থাকে
(ঘ) এটাও নহয়
উত্তৰঃ (খ) কমে।
প্রশ্নঃ শুদ্ধ উত্তৰটো লিখাঃ HSLC ’17
এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? বন্ধনিৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে। HSLC ’20
(a) N (7)
(b) F (9)
(c) P (15)
(d) Ar (18)
উত্তৰঃ (b) F (9)
ধাতুসমূহৰ নাম লিখা।
প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ দ্বিতীয় পর্যায়ত থকা HSLC ’16
উত্তৰঃ Li, Be
প্রশ্নঃ কোনটো মৌলৰ ইলেকট্রনীয় বিন্যাস হ’ল 2.8.3 HSLC ’17
উত্তৰঃ এলুমিনিয়াম (Al)
প্রশ্নঃ দুটা মৌলৰ A আৰু Bৰ পাৰমাণৱিক HSLC ’17
সংখ্যা যথাক্রমে 12 আৰু 171
(ক) A আৰু Bৰ ইলেকট্রনিক বিন্যাস লিখা।
(খ) A আৰু B ৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন হ’ব?
(গ) A আৰু B ৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা।
উত্তৰঃ
(ক) A ৰ ইলেকট্রনীয় বিন্যাস 2.8.2
B ৰ ইলেকট্রনীয় বিন্যাস 2.8.7
(খ) A আৰু Bৰ আয়নীয় বান্ধনি গঠন হ’ব।
(গ) A আৰু Bৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত হ’ল AB,
প্রশ্নঃ লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে? HSLC ’19
উত্তৰঃ হয়। এই মৌলকেইটাৰ পৰমাণুৰ সাদৃশ্য আছে। ইহঁতৰ পৰমাণুৰ বহিঃকক্ষত এটাকৈ ইলেকট্রন আছে।
প্রশ্নঃ পর্যায় বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? HSLC ’19
(ক) মৌলবোৰ কম ধাতবধর্মী হৈ পৰে।
(খ) যোজক ইলেকট্রনৰ সংখ্যা বাড়ে।
(গ) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
(ঘ) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
উত্তৰঃ অশুদ্ধ উক্তিটো হ’ল: (গ) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
প্রশ্ন: তলৰ কোনটো মৌললৈ অষ্টক নীতি প্রযোজ্য হ’ব?
(a) অক্সিজেন
(b) কেলছিয়াম
(c) ক’বাল্ট
(d) ছ’ডিয়াম
উত্তৰঃ (b) কেলছিয়াম।
প্রশ্নঃ মৌল Xয়ে XC1₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাবনা সবাতোকৈ বেছি? HSLC ’19
(a) Na
(c) Al
(b) Mg
(d) Si
উত্তৰঃ মৌল X য়ে XC1₂ সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X য়ে Mg ৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ মেণ্ডেলিভৰ তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘C’ মৌলটোৰ অক্সাইডৰ সংকেতটো হ’ল-
(a) CO
(b) C₂O
(c) C₂O₂
(d) CO₂
উত্তৰঃ (d) CO₂
প্রশ্নঃ মেণ্ডেলিভৰ তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘K’ মৌলটোৰ অক্সাইডৰ সংকেতটো হ’ল-
(a) K₂O
(b) K₂O₂
(c) KO
(d) K₂O₃
উত্তৰঃ (a) K₂O
প্রশ্নঃ মেণ্ডেলিভৰ তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘AI’ মৌলটোৰ অক্সাইডৰ সংকেতটো হ’ল-
(a) AIO
(b) A1₂O₂
(c) Al₂O₃
(d) A1o₂
উত্তৰঃ (c) A1₂O₃
প্রশ্নঃ “মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক”- এই তথ্যটো দেখুৱাইছিল-
(a) জে. ডব্লিউ. ড’বাইবেনাৰে
(b) জন নিউলেণ্ডছে
(c) হেনৰী ম’জলে
(d) ডি. আই. মেণ্ডেলিভে
উত্তৰঃ (c) হেনবী ম’জলে।
প্রশ্নঃ ড’বাৰেইনাৰে……….অনুঘটকৰ ধৰ্ম প্রথম বাৰৰ বাবে পোহৰলৈ আনিছিল।
(a) নিকেল
(b) প্লেটিনাম
(c) হাইড ‘জেন
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) প্লেটিনাম।
প্রশ্নঃ অষ্টক সূত্রটো আগবঢ়াইছিল-
(a) মেন্ডেলিভে
(b) ড’বাৰেইনাৰে
(c) আইজাক নিউটনে
(d) নিউলেগুণ্ডছে
উত্তৰঃ (d) নিউলেণ্ডছে।
প্রশ্নঃ নিউলেণ্ডছৰ সময়ত মৌল আছিল-
(a) 36
(c) 46
(b) 56
(d) 66
উত্তৰঃ (b) 56
প্রশ্নঃ নিউলেণ্ডছৰ অষ্টক সূত্ৰটো কোনটো মৌল পর্যন্ত প্রযোজ্য হৈছিল?
(a) কার্বন
(c) কেলছিয়াম
(b) থ’ৰিয়াম
(d) ক’পাৰ
উত্তৰঃ (c) কেলছিয়াম।
প্রশ্নঃ মেণ্ডেলিভৰ সময়ত মৌল আছিল-
(a) 63
(c) 73
(b) 53
(d) 83
উত্তৰঃ (a) 63.
প্রশ্নঃ মৌলৰ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক পাৰমাণৱিক ব্যাসার্ধ ক্রমান্বয়ে-
(a) বাঢ়ে
(b) কমে
(c) একেই থাকে
(d) এটাও নহয়
উত্তৰঃ (b) কমে।
প্রশ্নঃ পৰমাণুৰ নিউক্লিয় আধানৰ মান বাঢ়িলে পাৰণৱিক আকাৰ-
(a) বাঢ়ে
(b) কমে
(c) একেই থাকে
(d) এটাও নহয়
উত্তৰঃ (a) বাঢ়ে।
প্রশ্নঃ তলৰ কোনটো ধাতুকল্প নহয়?
(a) ব’ৰন
(c) জার্মেনিয়াম
(b) ছিলিকন
(d) ছ’ডিয়াম
উত্তৰঃ (d) ছ’ডিয়াম।
প্রশ্নঃ যৌগবোৰৰ গঠনত মেণ্ডেলিভে কোন দুটা মৌলৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিল?
(a) হাইড্র’জেন, অক্সিজেন
(b) হাইড্র’জেন আৰু নাইট্ৰ’জেন
(c) কার্বন আৰু অক্সিজেন
(d) নাইট্ৰ’জেন আৰু অক্সিজেন
উত্তৰঃ (a) হাইড্র’জেন আৰু অক্সিজেন।
প্রশ্নঃ মেন্ডেলিভে কিহৰ ওপৰত ভিত্তি কৰি মৌলবোৰক শ্রেণীবিভাজন কৰিছিল?
(a) মৌলৰ পাৰমাণবিক সংখ্যা
(b) মৌলৰ পৰমাণুৰ যোজ্যতা ইলেক্ট্রন
(c) মৌলৰ পৰমাণুৰ ভৰ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) মৌলৰ পাৰমাণৱিক ভৰ।
প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ দ্বিতীয় পর্যায়ত থকা মৌলবোৰ হ’ল-
(a) কার্বন, হাইড্র’জেন
(b) লিথিয়াম, বেৰিলিয়াম
(c) জিংক, আৰ্চেনিক
(d) কেডমিয়াম, ফ্লেমিয়াম
উত্তৰঃ (b) লিথিয়াম, বেৰিলিয়াম।
প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ বৰ্গ এটাত যোজ্যতা ইলেক্ট্রনৰ সংখ্যা ক্রমে-
(a) বাঢ়ে
(b) কমে
(c) একেই থাকে
(d) এটাও নহয়
উত্তৰঃ (c) একেই থাকে।
প্রশ্নঃ পর্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক সংখ্যা এক এককৈ-
(a) বাঢ়ে
(b) কমে
(c) একেই থাকে
(d) এটাও নহয়
উত্তৰঃ (a) বাঢ়ে।