অধ্যায়-৬
জীৱন প্ৰক্ৰিয়া

Life is not just about living — it’s about how every cell in our body works together to keep us alive. In Lesson 6: জীৱন প্ৰক্ৰিয়া of SEBA Class 10 Science, students explore how living organisms perform vital functions like nutrition, respiration, transportation, and excretion. These aren’t just textbook concepts — they are happening inside us every second.
But understanding all these processes can feel overwhelming. That’s why NewsNow.website offers clear, chapter-wise solutions to all textbook questions, written in a student-friendly way. Whether you’re preparing for the SEBA board exam or just revising before a test, our solutions will help you understand better and write confidently.
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ জীৱৰ বাবে প্রয়োজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰঃ বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড, সূৰ্যৰ পৰা পোহৰ আৰু মাটিৰ পৰা পানী আৰু খনিজ লৱন আহৰণ কৰে।
প্রশ্নঃ স্ব-পোষী জীব কাক বোলে? এটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব পাৰে, সেইবোৰক স্ব-পোষী জীৱ বোলে। যেনে- উদ্ভিদ।
প্রশ্নঃ লালটি এমাইলেজৰ কাৰ্য লিখা।
উত্তৰঃ লালটি এমাইলেজে খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তিত কৰে।
প্রশ্নঃ পাকস্থলিত হাইড্র’ক্ল’ৰাইড এছিডৰ ভূমিকা কি?
উত্তৰঃ পাকস্থলিত হাইড্র’ক্ল’ৰিক এছিডে পেপছিনৰ কাৰ্য তীব্ৰতৰ কৰি তোলে।
প্রশ্নঃ পাকগ্রন্থি কাক বোলে?
উত্তৰঃ পাকস্থলিত পাচক ৰস নিঃসৰণ কৰা গ্রন্থিবোৰক পাকগ্রন্থি বোলে।
প্রশ্নঃ পৰপোষী জীৱ কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ জীৱই পৰিপুষ্টিৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে, তেনেবোৰ জীৱক পৰপোষী জীৱ বোলে। যেনে- ভেঁকুৰ।
প্রশ্নঃ উদ্ভিদৰ পাতৰ ৰং সেউজীয়া কিয় হয়?
উত্তৰঃ উদ্ভিদৰ পাতত ক্ল’ৰ’প্লাষ্ট বা হৰিৎকণা থকা বাবে পাতৰ ৰং সেউজীয়া হয়।
প্রশ্নঃ সালোক সংশ্লেষণ কাক বোলে?
উত্তৰঃ উদ্ভিদে যি প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড, মাটিৰ পৰা পানী আহৰণ কৰি সূৰ্যৰ পোহৰত খাদ্য তৈয়াৰ কৰে, সেই প্রক্রিয়াক সালোক সংশ্লেষণ বোলে।
প্রশ্নঃ শ্লেষ্মাৰ কার্য লিখা।
উত্তৰঃ শ্লেষ্মাই পাকস্থলী বেৰখনৰ অন্তঃআৱৰণক এছিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে।
প্রশ্নঃ তৃণভোজী প্রাণীৰ পাকস্থলিৰ গঠন কেনেকুৱা?
উত্তৰঃ ঘাঁহজাতীয় উদ্ভিদত থকা চেলুল’জ পাচন কৰিবলৈ তৃণভোজী প্রাণীৰ ক্ষুদ্রান্ত্র দীঘল আৰু পাক খোৱা।
প্রশ্নঃ মানুহৰ ৰেচন তন্ত্রটো কি কি অংগৰ দ্বাৰা গঠিত?
উত্তৰঃ মানুহৰ ৰেচনতন্ত্র এযোৰ বৃক্ক, এযোৰ মূত্রনলী, এটা মূত্রথলী, আৰু এটা মূত্র নিষ্কাশন নলীৰ দ্বাৰা গঠিত।
প্রশ্নঃ জীৱৰ বাবে প্রয়োজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰঃ পৰপোষী জীৱবোৰে অক্সিজেন আৰু খাদ্য বাহিৰৰ পৰা আহৰণ কৰে। অন্যহাতে, স্বপোষীয় জীৱবোৰে কাৰ্বন ডাই অক্সাইড আৰু পানী পৰিৱেশৰ পৰা আহৰণ কৰে।
প্রশ্নঃ ট্রিপচিনৰ কার্য কি?
উত্তৰঃ অগ্নাশয়ত প্র’টিন বিশ্লেষী হিচাপে ট্রিপচিনে কাৰ্য কৰে।
প্রশ্নঃ আন্ত্ৰিক ৰসৰ কাৰ্য লিখা।
উত্তৰঃ আন্ত্ৰিক ৰসে প্ৰ’টিন অংশক সৰল এমিন’ এছিডলৈ, শৰ্ক ৰাসমূহক গ্লুক’জলৈ, চর্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ কৰে।
প্রশ্নঃ স্ব-পোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ এটাকৈ পার্থক্য লিখা।
উত্তৰঃ স্ব-পোষিত পুষ্টিত জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰে।
আনহাতে, পৰপোষিত পুষ্টিত জীৱই পৰিপুষ্টিৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে।
প্রশ্নঃ কিম্বন প্রক্রিয়াক কিয় অবাত শ্বসন বোলে?
উত্তৰঃ কিম্বন প্রক্রিয়াটো অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় বাবে ইয়াক অবাত শ্বসন বোলা হয়।
প্রশ্নঃ হিম’গ্ল’বিন ক’ত পোৱা যায়?
উত্তৰঃ তেজৰ লোহিত ৰক্ত কণিকাত হিম’গ্ল’বিন পোৱা যায়।
প্রশ্নঃ তেজত থকা প্লাজমাৰ কাৰ্য লিখা।
উত্তৰঃ তেজত থকা প্লাজমাই দ্রবীভূত অৱস্থাত থকা খাদ্যবস্তু, কার্বন-ডাই-অক্সাইড আৰু নাইট’জেন জাতীয় বর্জিত পদাৰ্থবোৰ পৰিবহন কৰে।
প্রশ্নঃ আমাৰ হৃদযন্ত্ৰটো কেইটা কোঠালিযুক্ত?
উত্তৰঃ চাৰিটা কোঠালিযুক্ত।
প্রশ্নঃ আমাৰ শৰীৰৰ ক’ত তেজ পৰিশোধন হয়?
উত্তৰঃ হাওঁফাওঁত।
প্রশ্নঃ উভচৰ বা সৰীসৃপৰ হৃদযন্ত্ৰটো কেইটা কোঠালিযুক্ত?
উত্তৰঃ তিনিটা কোঠালিযুক্ত।
প্রশ্নঃ সিৰাবোৰৰ কাৰ্য লিখা।
উত্তৰঃ সিৰাবোৰে দেহৰ বিভিন্ন অংগ বা কলাবোৰৰ পৰা তেজ হৃদযন্ত্রলৈ কঢ়িয়াই আনে।
প্রশ্নঃ বাষ্পমোচন বা পত্রমোচন কাক বোলে?
উত্তৰঃ উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্রক্রিয়াটোকে বাষ্পমোচন বা পত্রমোচন বোলে।
প্রশ্নঃ উ চচ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? HSLC ’18
উত্তৰঃ উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগ দুবিধ। যেনে-
(ক) জাইলেম কলা আৰু
(খ) ফ্ল’রেম কলা।
প্রশ্নঃ উদ্ভিদৰ দেহত পানী আৰু খনিজ লবণ কেনেদৰে পৰিবহণ হয়?
উত্তৰঃ উদ্ভিদৰ দেহত জাইলেম নামৰ সংবহণ কলাৰ দ্বাৰা পানী আৰু খনিজ লৱণসমূহ পৰিবহণ হয়। উদ্ভিদৰ শিপাই শোষণ কৰা পানী আৰু খনিজ লবণখিনি শিপাৰ বহিঃক্তকৰ পৰা জাইলেম কলালৈকে শোষণ, আসৃতি আৰু ব্যাপন আদি প্ৰক্ৰিয়াৰে পৰিবাহিত হয়।
প্রশ্নঃ জীৱৰ জীবন বর্তি থাকি বলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰঃ জীৱৰ জীৱন বৰ্তি থাকিবৰ বাবে প্রয়োজনীয় প্রক্রিয়াসমূহ হ’ল পৰিপুষ্টি, শ্বসন, পৰিবহণ, চলন আৰু ৰেচন ক্রিয়া।
প্রশ্নঃ স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰঃ স্বপোষিত আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য হ’ল:
স্বপোষিত জীৱবোৰে নিজে নিজৰ খাদ্য প্রস্তুত কৰি লয়।
পৰপোষিত জীৱবোৰে প্রত্যক্ষ আৰু পৰোক্ষভাৱে স্ব-পোষী জীৱৰ ওপৰত নিৰ্ভৰশীল।
স্ব-পোষিত জীৱবোৰত পত্ৰ হৰিৎ নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থৰ উপস্থিতি অপৰিহাৰ্য।
পৰপোষি জীৱবোৰত কোনো ৰঞ্জক পদাৰ্থৰ উপস্থিতিৰ প্ৰয়োজন নাই।
প্রশ্নঃ শ্বাস-প্রশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি?
উত্তৰঃ স্থলচৰ প্ৰাণীৰ উশাহ-নিশাহৰ হাৰ জলচৰ জীৱতকৈ কম। কাৰণ, বায়ুতকৈ পানীত কম পৰিমাণে অক্সিজেন মিহলি হৈ থাকে।
প্রশ্নঃ মানুহৰ দেহত অক্সিজেন আৰু কার্বন ডাই অক্সাইড কেনেকৈ পৰিবহণ হয়?
উত্তৰঃ মানুহৰ তেজত থকা লোহিত বক্ত কণিকাৰ হিমগ্ন’বিনৰ অক্সিজেনৰ প্রতি আসক্তি বেছি। হিমগ্ন’বিনে অক্সিজেনৰ লগত লগ লাগি অক্সিহিম’গ্লবিন উৎপন্ন কৰে। এনেদৰে হাওঁফাওঁৰ পৰা শৰীৰৰ বিভিন্ন অংশৰ কোষসমূহলৈ অক্সিজেন বিতৰণ কৰে। আনহাতে অক্সিজেনতকৈ কার্বন ডাই অক্সাইডৰ দ্রবণীয়তা পানীত বেছি। গতিকে ই শৰীৰৰ বিভিন্ন অংশৰ কোষৰ পৰা তেজৰ জৰিয়তে হাওঁফাওঁলৈ আহে। গতিকে অক্সিজেন আৰু কার্বন ডাই অক্সাইডৰ পৰিবহণত তেজে গুৰুত্বপূর্ণ ভূমিকা লয়।
প্রশ্নঃ সালোক সংশ্লেষণত প্রয়োজনীয় প্রতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায়?
উত্তৰঃ উদ্ভিদে সালোক সংশ্লেষণৰ বাবে প্রয়োজনীয় কার্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা আহৰণ কৰে আৰু শিপাই মাটিৰ পৰা পানী আহৰণ কৰে। জলজ উদ্ভিদবোৰে কাৰ্বন ডাই অক্সাইড পানীত দ্রবণীয় অৱস্থাৰ পৰাই আহৰণ কৰে আৰু পানী শিপাই বিশেষ ধৰণে শোষণ কৰে। পোহৰ, ৰশ্মি সূৰ্যৰ পৰা আহৰণ কৰে।
প্রশ্নঃ পাচক উৎসেচকৰ কাৰ্য কি?
উত্তৰঃ (ক) পাচক উৎসেচকে জটিল শ্বেতসাৰক ভাঙি সবল অনুলৈ পৰিৱৰ্তন কৰে।
(খ) প্ৰ’টিন সমূহৰ বিশ্লেষণ আৰু পাচনত সহায় কৰে।
(গ) অদ্রবণীয় চর্বীসমূহৰ পৰিৱৰ্তন ঘটায়।
(ঘ) প্র’টিনসমূ হক এমিন’ এছিডলৈ, জটিল শৰ্কৰাক গ্লুক’জলৈ আৰু চর্বীসমূহক ফেটি এছিড আৰু গ্লিছাৰললৈ ৰূপান্তৰ ঘটায়।
প্রশ্নঃ শোষণ হ’ব পৰাকৈ ক্ষুদ্রান্ত্রত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰঃ আমি খোৱা খাদ্যবোৰ সম্পূৰ্ণ পাচন হয় ক্ষুদ্রান্ত্রত। ক্ষুদ্রান্ত্ৰৰ বেৰত আঙুলি সদৃশ কিছুমান প্রৱর্ধ ওলাই থাকে। এইবোৰক ভিলাই বোলে। ভিলাইবোৰ ৰক্তবাহী নলিকাৰ জালেৰে আৱৰি থাকে। এই জালিকাবোৰে পাচন হোৱা খাদ্য শোষণ কৰে আৰু দেহৰ বিভিন্ন অংশৰ কোষসমূহলৈ প্ৰেৰণ কৰে।
প্রশ্নঃ প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে?
উত্তৰঃ মানুহৰ হাওঁফাওঁটোত কিছুমান বেলুন আকৃতিৰ গঠন থাকে। এইবোৰক বায়ুকোষীয় মোনা বোলে। বায়ুকোষীয় মোনাবোৰৰ বেৰ অত্যন্ত পাতল আৱৰণী কলাৰে গঠিত। যাৰ ফলত ইয়াৰ মাজেৰে সহজে গেছৰ চলাচল হ’ব পাৰে। প্রত্যেক বায়ুকোষৰ বাহিৰৰ ফালে একোখন অতি ঘন ৰক্তজালিকা থাকে আৰু সেই ৰক্তজালিকা গঠন কৰা বেৰ অতি পাতল। সেইবোৰৰ মাজেদি গেছ অনায়াসে অহা-যোৱা কৰিব পাৰে।
প্রশ্নঃ মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যর্যসমূহ কি কি?
উত্তৰঃ মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা হ’ল-
(ক) তেজ বা ৰক্তঃ তেজ হ’ল পৰিবহণ তন্ত্ৰৰ তৰল মাধ্যম। ই দেহৰ নানাবিধ দ্রব্য যেনে- খাদ্য, ৰেচন দ্রৱ, শ্বসন গেছ, হ’ৰমন, এনজাইম আদি এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিয়ে।
(খ) ৰক্ত নলীকাঃ ৰক্ত নলীকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্রবাতি হয়। ৰক্ত নলীকাবোৰ দুটা ভাগত ভগাব পাৰি। যেনে- ধমনী আৰু সিৰা।
ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে। আনহাতে সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ পুনৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে।
(গ) হৃদপিণ্ডঃ হৃদপিণ্ডই পাম্পৰ দৰে কাম কৰে। হৃদপিণ্ডৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত দেহত তেজ অনবৰতে চলি থাকে।
প্রশ্নঃ পক্ষী আৰু স্তন্যপায়ী প্রাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন?
উত্তৰঃ পক্ষী আৰু স্তন্যপায়ী প্রাণীবোৰ উষ্ণৰক্তী প্রাণী। এই প্রাণীবোৰে শৰীৰৰ উষ্ণতা স্থিৰে ৰাখি শক্তি আহৰণ কৰে। প্রাণীবোৰে যথেষ্ট শক্তি উৎপন্ন কৰিবলৈ অধিক অক্সিজেনৰ প্রয়োজন হয়। সেইবাবে চৰাইৰ ক্ষেত্ৰত অক্সিজেনযুক্ত তেজ অক্সিজেন বিহীন তেজৰ লগত মিহলি হ’ব নালাগে। যাৰ বাবে ইবোৰক পৃথকত ৰখা হয়।
প্রশ্নঃ উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহণ ঘটে? HSLC ’20
উত্তৰঃ উদ্ভিদৰ ফ্ল’ৱেম কলাৰ যোগেদি খাদ্য পৰিবহণ হয়। খাদ্য বিলাক উদ্ভিদৰ দেহত উর্ধমূখী আৰু অধোমুখী দুয়োটা দিশত সংঘটিত হয়। উদ্ভিদে প্রস্তুত কৰা খাদ্য অর্থ্যাৎ শৰ্কৰা ফ্ল’ৱেম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এ. টি. পি. ৰপৰা শক্তি আহৰণ কৰে। ইয়াৰ ফলত ফ্ল’ৱেম কলাত আসৃতি চাপৰ বৃদ্ধি ঘটে আৰু পানী তাৰ ভিতৰলৈ গতি কৰে। ফলস্বৰূপে, উদ্ভিদ দেহৰ প্ৰয়োজনীয় অংগলৈ খাদ্যৰ সংক্ৰমণ ঘটে।
প্রশ্নঃ নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। উত্তৰঃ নেফ্ৰনৰ গঠনঃ নেফ্রন এটা কাপ সদৃশ ব’মেনৰ সম্পুটেৰে গঠিত। ইয়াত বক্ত জালিকাৰে তৈয়াৰী গ্ল’মেৰুলাছৰ গঠিত অংশ থাকে। এই ৰক্তকেশিকাবোৰৰ বেৰ অতি পাতল আৰু ইয়াত ৰক্তচাপ অন্য অংশৰ তুলনাত যথেষ্ট বেছি।
নেফ্ৰনৰ কাৰ্যঃ নেফ্রনবোৰে প্ৰথম অৱস্থাত গ্লুক’জ, এমিন’ এছিড, লবণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকী লৈ পিছত পাছৰ নলিকা অংশত অধিশোষণ কৰি লয়। দেহৰ অতিৰিক্ত পানী, বিপাকীয় কার্যত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ নাইট্র’জেন জাতীয় পদাৰ্থবোৰ ৰক্তস্রোতৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে অপসাৰিত কৰে।

প্রশ্নঃ উদ্ভিদে কি কি উপায়ে বর্জিত পদার্থ ত্যাগ কৰে।
উত্তৰঃ (ক) উদ্ভিদে বাষ্পমোচনৰ সহায়ত অতিৰিক্ত পানী পৰিত্যাগ কৰে।
(খ) অন্যান্য বর্জিত পদাৰ্থবোৰ উদ্ভিদৰ মৃত কোষৰ সহায়ত আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ দ্বাৰা ৰেচন ক্রিয়া সমাধা কৰে।
(গ) উদ্ভিদে পূৰঠ জাইলেম কলাত সঞ্চিত কৰি ৰখা ৰেজিন আৰু আঠা উপক্ষাৰ হিচাপে উলিয়াই দিয়ে।
(ঘ) কিছুমান অলাগতিয়াল পদার্থ পাত, ফল, কাণ্ড আদিত জমা কৰি ৰাখে।
প্রশ্নঃ কেনেকৈ মূত্র উৎপন্নৰ পৰিমাণ নিয়ন্ত্রণ কৰিব পাৰি?
উত্তৰঃ তলত দিয়া কাৰকৰ ওপৰত নিৰ্ভৰ কৰি মূত্র উৎপন্ন নিয়ন্ত্রণ কৰিব পাৰি-
(ক) কিমান পৰিমাণৰ পানী শৰীৰৰ পৰা আঁতৰাব লাগিব।
(খ) কিমান পৰিমাণৰ নাইট্ৰ’জেন জাতীয় পদার্থ যেনে- ইউৰিয়া, লৱণ, ইউৰিক এছিড আদি দেহৰ পৰা আঁতৰাব লাগিব।
প্রশ্নঃ মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ?
(a) পৰিপুষ্টি
(c) ৰেচন
(b) শ্বসন
(d) পৰিবহণ
উত্তৰঃ (c) ৰেচন
প্রশ্নঃ পাইৰুভেট অণু ভাঙি কার্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-
(a) চাইট ‘প্লাজমত
(b) মাইট ‘কন্ড্রিয়াত
(c) ক্ল’ৰ’প্লাষ্টত
(d) কোষকেন্দ্রত
উত্তৰঃ (d) কোষকেন্দ্রত।
প্রশ্নঃ আমাৰ দেহত কেনেকৈ চর্বীসমূহ পাচন হয়? এই প্রক্রিয়াটো ক’ত সংঘটিত হয়?
উত্তৰঃ ক্ষুদ্রান্ত্ৰত থকা বৃহৎ আকাৰৰ চৰীসমূহৰ ওপৰত ক্ৰিয়া কৰাটো উৎসেচকৰ ক্ষেত্ৰত কঠিন হয়। পিত্ত লৱণৰ উপস্থিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পিছত ইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্রিয়া কৰে। শেষত ক্ষুদ্রান্ত্ৰ ৰসত থকা উৎসেচকে চর্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ পৰিবৰ্তন কৰে। ফলত ক্ষুদ্রান্ত্ৰৰ বেৰে এইবোৰক শোষণ কৰে।
এই প্রক্রিয়াটো ক্ষুদ্রান্ত্রত সংঘটিত হয়।
প্রশ্নঃ পাচনত লালটিৰ ভূমিকা কি?
উত্তৰঃ লালটি গ্রন্থিত থকা লালটিয়ে প্রথমে খদ্য সিক্ত কৰি পিছল কৰে। লালটিত থকা এমাইলেজ নামৰ উৎসেচকে মুখগহ্বৰত জটিল শ্বেতসাৰ অংশক ভাঙি সৰল চেনিৰ অণুলৈ পৰিৱৰ্তন কৰে।
প্রশ্নঃ উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-
(a) পানীৰ পৰিবহণ
(b) খাদ্যৰ পৰিবহণ
(c) এমিন’ এছিডৰ পৰিবহণ
(d) অক্সিজেনৰ পৰিবহণ
উত্তৰঃ (a) পানীৰ পৰিবহণ।
প্রশ্নঃ স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয়-
(a) কার্বন ডাই অক্সাইড আৰু পানী।
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
প্রশ্নঃ স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্রয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰঃ স্বপোষিত পুষ্টিৰ কাৰণে সালোক সংশ্লেষণৰ প্ৰয়োজন।
কার্বন ডাই অক্সাইড, পানী, ক্ল’ৰ’ফিল আৰু সূৰ্যৰ পোহৰ সালোক সংশ্লেষণৰ বাবে অতি প্রয়োজনীয় পদার্থ। এইবোৰৰ মাজত বিক্রিয়া সংঘটিত হৈ গ্লুক’জ আৰু অক্সিজেন উৎপন্ন হয়।
প্রশ্নঃ জাইলেম আৰু ফ্ল’ৱেম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰঃ (i) জাইলেম কলাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ পৰিবহণ কৰে।
আনহাতে, ফ্ল’রেম কলাই প্রস্তুত হোৱা খাদ্য উদ্ভিদৰ বিভিন্ন অংগলৈ পৰিবহণ কৰে।
(ii) জাইলেম কলাত পৰিবহণৰ দিশ উর্ধমুখী।
আনহাতে, ফ্ল ‘রেম কলাত পৰিবহণৰ দিশ উর্ধমুখী আৰু নিম্নমুখী দুয়োটা দিশতে।
(iii) জাইলেম কলাত পৰিবহণ কালত কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয়। ফলত ই নিষ্ক্রিয় পৰিবহণ।
আনহাতে, ফ্ল’রেম কলাত পৰিবহণ কালত এ. টি. পি. ৰ দ্বাৰা যোগান ধৰা শক্তিৰ প্ৰয়োজন হয়।
প্রশ্নঃ হাওঁফাওঁৰ বায়ুকোষ আৰু নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।
উত্তৰঃ বায়ুকোষ আৰু নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত পার্থক্য হ’ল:
(i) বায়ুকোষবোৰ আকৃতিত বায়ুমোনাৰ দৰে। কিন্তু নেফ্রনবোৰ আকৃতিত চুঙাৰ দৰে।
(ii) বায়ুকোষবোৰ হাওঁফাওঁত থাকে। কিন্তু নেফ্রনবোৰ বৃক্কত থাকে।
(iii) বায়ুকোষবোৰত ব্যাপন মাধ্যমেৰে গেছৰ বিনিময় হয়। কিন্তু নেফ্রনবোৰৰ চাপৰ পাৰ্থক্যৰ বাবে পদাৰ্থ সমূহৰ বিনিময় সংঘটিত হয়।
প্রশ্নঃ আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?
উত্তৰঃ আমাৰ দেহত অক্সিজেনৰ পৰিমান কমি গ’লে হিম’গ্লবিনৰ অভাৱ হ’ব। ফলত ৰক্তহীনতা নামৰ অভাৱজনিত ৰোগে দেখা দিব। ৰক্তহীনতাৰ বাবে তেজে প্রয়োজন অনুসৰি অক্সিজেন কঢ়িয়াব নোৱাৰে, যাৰ ফলত শ্বসনৰ হাৰ কমি যাব আৰু প্রয়োজন অনুসাৰে শৰীৰে শক্তি উৎপন্ন কৰিব নোৱাৰে। শৰীৰৰ ওজন কমি যাব আৰু শৰীৰৰ বৰণ শেতা হ’ব।
প্রশ্নঃ পাচন তন্ত্ৰৰ কোনটো অংশত পানীভাগ শোষিত হয়?
উত্তৰঃ বৃহদান্ত্ৰত।
প্রশ্নঃ ফ্ল’ৱেমত থকা দুবিধ কলাৰ নাম লিখা।
উত্তৰঃ চালনী নলিকা আৰু সংগীকোষ।
প্রশ্নঃ অক্সিজেনৰ অবিহনে জীয়াই থাকিব পৰা এবিধ জীৱৰ নাম লিখা।
উত্তৰঃ ইষ্ট।
প্রশ্নঃ জাইলেম কলাত থকা কোষবোৰ কি কি?
উত্তৰঃ ট্রেকাইড আৰু জাইলেম নলিকা।
প্রশ্নঃ পাকস্থলী গ্রন্থিয়ে নিঃসৰণ কৰা উৎসেচক সমূহৰ নাম লিখা।
উত্তৰঃ পাকস্থলী গ্রন্থিয়ে নিঃ সৰণ কৰা উৎসেচক হ’ল- হাইড্ৰ’ক্ল’ৰিক এছিড, পেপচিন আৰু শ্লেষ্মা।
প্রশ্নঃ কোনবিধ উৎসেচকে প্র’টিন সংশ্লেষণ কৰে?
উত্তৰঃ ট্রিপচিন নামৰ উৎসেচকে।
প্রশ্নঃ মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদার্থবিধৰ নাম কি? ইয়াক ক’ত পোৱা যায়?
উত্তৰঃ মানুহৰ তেজত থকা ৰঞ্জক পদার্থবিধৰ নাম হ’ল- হিম’গ্লবিন। ইয়াক তেজৰ লোহিত ৰক্ত কণিকাত পোৱা যায়।
প্রশ্নঃ তেজৰ প্লাজমা অংশৰ কাম কি?
উত্তৰঃ তেজৰ প্লাজমা অংশই দ্রবীভূত অৱস্থাত খাদ্যবস্তু, কার্বন ডাই অক্সাইড আৰু নাইট’জেন জাতীয় বর্জিত পদাৰ্থবোৰ পৰিবহণ কৰে।
প্রশ্নঃ মানুহৰ ৰেচন তন্ত্ৰটো কিহৰ দ্বাৰা গঠিত?
উত্তৰঃ মানুহৰ ৰেচন তন্ত্রটো এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্রথলী আৰু এটা মূত্র নিষ্কাশন নলীৰ দ্বাৰা গঠিত।
প্রশ্নঃ চমু উত্তৰ দিয়া:
(ক) ভোক আৰু পিয়াহ লগাৰ অনুভূতি হিচাপে পৰিচালিত মস্তিষ্কৰ অংগটো কি? HSLC ’18
উত্তৰঃ হাইপ’থেলামাছ।
(খ) কিহে চৰী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে? HSLC ’15
উত্তৰঃ পিত্ত লবণে
(গ) শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰিত কৰা উৎসেচকটোৰ নাম কি? HSLC ’17
উত্তৰঃ এমাইলেজ
(ঘ) যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীতা পূৰ্ণ কৰা হয় তাক কি বোলে? HSLC ’18
উত্তৰঃ সালোক সংশ্লেষণ।
প্রশ্নঃ আমাৰ তেজত থকা শ্বাসকণিকাবিধৰ নাম লিখা। কণাবিধৰ কাৰ্য উল্লেখ কৰা? HSLC ’19
উত্তৰঃ আমাৰ তেজত থকা শ্বাসকণিকাবিধৰ নাম হ’ল লোহিত ৰক্ত কণিকা।
লোহিত ৰক্ত কণিকাই অক্সিজেন আৰু কাৰ্বন- ডাই-অক্সাইড পৰিবহণ কৰে।
প্রশ্নঃ মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে হোৱা তেজৰ প্ৰবাহ এটা চিহ্নিত চিত্ৰৰ সৈতে বর্ণনা কৰা।? HSLC ’16, 19
উত্তৰঃ মানুহৰ হৃদপিণ্ডৰ সোঁ আৰু বাওঁ অলিন্দত অক্সিজেনবিহীন তেজ থাকে। আনহাতে সোঁ আৰু বাওঁ নিলয়ত অক্সিজেনযুক্ত তেজ থাকে। উর্দ্ধ আৰু নিম্ন মহাশিৰাবোৰে শৰীৰৰ উৰ্দ্ধ অংশ আৰু নিম্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ সোঁ অলিন্দলৈ বহন কৰে। সোঁ অলিন্দৰ সংকোচনৰ ফলত তেজ সোঁ অলিন্দৰ পৰা ট্রাইকাছপিত কপাটেৰে সোঁ নিলয়লৈ প্ৰৱাহিত হয়। সোঁ নিলয়ৰ সংকোচনৰ ফলত ক্লোম মহাধমনীৰে তেজ হাওঁফাওঁলৈ প্রবাহিত হয়। আৰু হাওঁফাওঁৰ পৰা ক্লোমশিৰাৰে অক্সিজেনযুক্ত তেজ বাওঁ অলিন্দত প্ৰৱেশ কৰে। আৰু বাওঁ অলিন্দৰ পৰা চিষ্টেমিক মহাধমনীৰে শৰীৰৰ বিভিন্ন অংশলৈ প্রবাহিত হয়।
এনেদৰে মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে তেজ প্রবাহিত হয়।

প্রশ্নঃ সালোক সংশ্লেষণ কি? সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি? উদ্ভিদে কেনেকৈ CO₂ শোষণ কৰে। HSLC ’16, 19
উত্তৰঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত কার্বনডাই-অক্সাইড আৰু পানীৰ বিক্রিয়া ঘটাই কার্বহাইড্রেড প্রস্তুত কৰে, সেই প্রক্রিয়াক ‘সালোক সংশ্লেষণ’ বোলে।
সালোক সংশ্লেষণ প্রক্রিয়াত তলত দিয়া ঘটনাবোৰ সংঘটিত হয়।
(ক) পোহৰ শক্তিক পত্ৰহৰিত্ৰ দ্বাৰা শোষণ কৰা হয়।
(খ) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰ’জেন আৰু অক্সিজেনলৈ পৃথকীকৰণ হয়।
(গ) কার্বন-ডাই-অক্সাইড বিভাজনৰ দ্বাৰা কার্বহাইড্রেড প্রস্তুত হয়।
উদ্ভিদৰ পাতৰ উপৰিভাগত কিছুমান সৰু সৰু ৰন্ধ থাকে। এইবোৰক পত্ৰ ৰন্ধ্ৰ বোলা হয়। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল CO, গেছৰ আহৰণ এই ৰন্ধু বিলাকৰ মাজেৰে হয়। যিহেতু সেই একেই পত্ৰ ৰন্ধৰ যোগেদি পানীও এৰি দিব লাগে সেয়ে সালোক সংশ্লেষণ প্রক্ৰিয়াৰ বাবে কার্বন-ডাই- অক্সাইড প্রয়োজন নোহোৱাৰ সময়ত পত্ৰ ৰন্ধৰ ছিদ্র বন্ধ হৈ থাকে। পত্ৰৰন্ধৰ ছিদ্র মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো পত্ৰৰন্ধৰ ৰক্ষী কোষ দুটাই নিয়ন্ত্রণ কৰে।
প্রশ্নঃ মানুহৰ ৰেচন তন্ত্র অংশসমূহৰ নাম লিখা। মূত্র উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে লিখা। HSLC ’18
উত্তৰঃ মানুহৰ ৰেচনতন্ত্ৰ চাৰিটা অংশৰে গঠিত। যেনে: বৃক্ক, মূত্রনলী, মূত্রথলী আৰু মূত্ৰপথ।
(ক) বৃক্ক : বৃক্ক হ’ল ৰেচনতন্ত্ৰৰ মূখ্য কাৰ্যকৰী অংগ। মানুহৰ ৰাজহাড়ৰ দুয়োকাষে শেষ কামিহাড়ৰ ঠিক তলতে বৃক্ক দুটা অৱস্থিত। বৃক্কৰ অৱতল পৃষ্ঠক বৃক্কীয় নাভি বোলে। এই স্থানেৰে ৰক্তনলী, মূত্রনলী আদি বৃক্কৰ ভিতৰত প্ৰৱেশ কৰে। বৃক্কীয় নাভিৰ অভ্যন্তৰ ভাগৰ চুপিসদৃশ বহল অংশক ‘ৰেনেল পেলভিচ’ বোলে। বৃক্ক প্রায় দহলাখমান নেফ্ৰনৰ দ্বাৰা গঠিত। নেফ্রন বৃক্কৰ গঠনাত্মক আৰু কাৰ্যকৰী একক। নেফ্রন মালপিগিয়ান বডি আৰু বৃক্কীয় নলীৰে গঠিত। বৃক্কৰ নেফ্রনত মূত্র উৎপাদন হয়।
(খ) মূত্রনলী: বৃক্কত উৎপন্ন হোৱা মূত্র মূত্ৰনলীয়ে সংগ্ৰহ কৰি মূত্ৰ থলীলৈ লৈ আহে।
(গ) মূত্রথলী: মুত্রনলীয়ে লৈ অনা মূত্র অস্থায়ীভাবে মূত্রথলীত জমা হয়। মূত্রথলী মোনা আকৃতিৰ হয় আৰু ইয়াৰ পৰা মূত্ৰ শৰীৰৰ পৰা বাহিৰলৈ সময়ে সময়ে ওলাই আহে।
(ঘ) মূত্র পথঃ মূত্রথলীৰ সংকোচনৰ ফলত মূত্রথলীৰ পৰা মূত্ৰ মূত্ৰপথৰ জৰিয়তে বাহিৰলৈ ওলাই যায়।

প্রশ্নঃ মানুহৰ উশাহ-নিশাহ প্রক্রিয়া বর্ণনা কৰা। জলচৰ প্ৰাণীৰ শ্বাস-প্রশ্বাস হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি? HSLC ’17
উত্তৰঃ উশাহ লোৱাৰ সময়ত কামিহাড়বোৰ ওপৰলৈ দাং খুৱা বাবে মধ্যচ্ছদাখন নিম্নগামী হৈ গতি কৰে। তেতিয়া বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকোষবোৰ বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কার্বন- ডাই-অক্সাইড বায়ু কোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ কোষলৈ পঠিয়াই দিয়ে। উশাহ- নিশাহৰ সময়ত বায়ু গ্রহণ আৰু নিশাহত এৰি দিওঁতে হাওঁফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে।
সেইবাবে নির্দিষ্ট পৰিমাণৰ অক্সিজেন গ্রহণ আৰু কার্বন-ডাই-অক্সাইড এৰি দিব পাৰে।
জলচৰ প্ৰাণীয়ে পানীত দ্রবীভূত হৈ থকা অক্সিজেনহে গ্রহণ কৰে। যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতলৈ তুলনামূলকভাবে কম, সেয়ে জলচৰ প্রাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ ল’ব লগা হয়।
প্রশ্নঃ ব্যাপন প্রক্ৰিয়াৰ সংজ্ঞা দিয়া।
উত্তৰঃ যি প্ৰক্ৰিয়াৰ যোগেদি কোনো এক মাধ্যমত কোনো পদাৰ্থৰ অণু বেছি ঘনত্বৰ ঠাইলৈ গতি কৰি বিয়পি পৰে, তাকে ব্যাপন বুলি কোৱা হয়।
প্রশ্নঃ পৰজীবীয় পুষ্টি অৱলম্বন কৰা কেইটামান জীৱৰ নাম লিখা।
উত্তৰঃ আকাশী লতা, চিকৰা, ওকনি, জোক আৰু ফিটাপেলু।
প্রশ্নঃ সালোক সংশ্লেষণত জড়িত পর্যায়সমূহ কি
উত্তৰঃ সালোক সংশ্লেষণত জড়িত পর্যায়সমূহ হ’ল-
(ক) পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ।
(খ) পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্র’জেন আৰু অক্সিজেনলৈ পৃথকীকৰণ।
(গ) কার্বন ডাই অক্সাইড বিজাৰণৰ দ্বাৰা কার্বহাইড্রেট উৎপন্ন।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ’ল-
(a) এমাইলেজ
(b) লাইপেজ
(c) পেপচিন
(d) ট্রিপচিন
উত্তৰঃ (a) এমাইলেজ।
শোষণ কৰি লয়।
প্রশ্নঃ সম্পূর্ণ পাচিত হোৱা খাদ্য।………. বেবে
(a) পাকস্থলীৰ
(c) স্ক্রিনক্টাৰ পেশীৰ
(d) ক্ষুদ্রান্ত্ৰৰ
(b) বৃহদান্ত্ৰৰ
উত্তৰঃ (d) ক্ষুদ্রান্ত্ৰৰ।
প্রশ্নঃ চাইট ‘প্লাজমত অবাত শ্বসন সংঘটিত ……..।
(a) হয়
(c) হয়, নহয়
(b) নহয়
(d) এটাও নহয়
উত্তৰঃ (a) হয়।
প্রশ্নঃ যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে খাদ্য তৈয়াৰ কৰিব পাৰে, সেই প্রক্রিয়াক বোলে।
(a) ইমালচিফিকেচন
(b) সালোক সংশ্লেষণ
(c) ৰেচন ক্রিয়া
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) সালোক সংশ্লেষণ।
প্রশ্নঃ উদ্ভিদে তৈয়াৰ কৰা খাদ্যবিধৰ নাম হ’ল-
(a) কার্ব’হাইড্রেট
(b) কার্বন-ডাই-অক্সাইড
(c) ক্ল’ৰ’ফিল
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) কাৰ্ব হাইড্রেট।
প্রশ্নঃ পত্ৰৰন্ধৰ ছিদ্র মুক্ত আৰু বন্ধ হোৱা পৰিঘটনা নিয়ন্ত্রণ কৰে-
(a) হৰিৎকণাই
(b) ৰক্ষীকোষে
(c) পত্ৰহৰিৎএ
(d) এটাও নহয়
উত্তৰঃ (b) ৰক্ষীকোষে।
প্রশ্নঃ চৰী অণুৰ ইমালচিফিকেচন সংঘটিত কৰে-
(a) ট্রিপচিনে
(c) পিত্ত লবণে
(b) পেপচিনে
(d) এমাইলেজে
উত্তৰঃ (c) পিত্ত লবণে।
প্রশ্নঃ তলৰ কোনটো অগ্নাশয় ৰসত থকা প্ৰ’টিন বিশ্লেষী উৎসেচক?
(a) পেপচিন
(b) ট্রিপচিন
(c) শ্লেষ্মা
(d) এমাইলেজ
উত্তৰঃ (b) ট্রিপচিন।
প্রশ্নঃ বৃক্ক হ’ল……….ৰ অংশ।
(a) পাচন তন্ত্র
(b) ৰেচন তন্ত্র
(c) স্নায়ু তন্ত্র
(d) এটাও নহয়
উত্তৰঃ (b) ৰেচন তন্ত্র।
প্রশ্নঃ বৃক্ক গঠনৰ প্ৰাথমিক একক হ’ল-
(a) কর্টেক্স
(b) মেডুলা
(c) শ্লেষ্মা
(d) ভিলাই
উত্তৰঃ (a) কর্টেক্স।
প্রশ্নঃ ভোক আৰু পিয়াহ লগা অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল-
(a) প্রমস্তিষ্ক
(b) মধ্যমস্তিষ্ক
(c) পশ্চাৎ মস্তিষ্ক
(d) হাইপ’থেলামাছ
উত্তৰঃ (a) প্রমস্তিষ্ক।
প্রশ্নঃ লালটিত থকা উৎসেচকবিধ হ’ল-
(a) পেপচিন
(c) শ্লেষ্মা
(b) ট্রিপচিন
(d) এমাইলেজ
উত্তৰঃ (d) এমাইলেজ।
প্রশ্নঃ পাকস্থলিত থকা প্র’টিন বিশ্লেষি উৎসেচক হ’ল-
(a) পেপচিন
(b) ট্রিপচিন
(c) শ্লেষ্মা
(d) এমাইলেজ
উত্তৰঃ (a) পেপচিন।