অধ্যায়-৭
নিয়ন্ত্ৰণ আৰু সমন্বয়

Ever wondered how your brain sends signals to your hands? Or how plants bend toward sunlight without a brain at all? In Lesson 7 – নিয়ন্ত্ৰণ আৰু সমন্বয় of SEBA Class 10 Science, students explore how living beings control and coordinate their actions through nerves, hormones, and internal responses.
It’s a chapter that blends curiosity with complex biology — and that’s why many students struggle to understand it fully. At NewsNow.website , we’ve created easy-to-understand, chapter-wise solutions to all textbook questions from this lesson. Each answer is written in clear, simple language, following the SEBA syllabus closely — so you can revise faster, learn better, and prepare confidently for your board exams.
নির্বাচিত প্রশ্নোত্তৰ
প্রশ্নঃ প্রান্তীয় স্নায়ুতন্ত্র কি?
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্র আৰু দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপন কৰা স্নায়ুতন্ত্রই হ’ল প্রান্তীয় স্নায়ুতন্ত্র।
প্রশ্নঃ মগজুৰ দুটা কার্য লিখা।
উত্তৰঃ (ক) মগজুয়ে আমাক চিন্তা কৰাত সহায়
(খ) মগজুৱে দেহৰ সমতা ৰক্ষা কৰে।
প্রশ্নঃ মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকার্য নিয়ন্ত্রণ কৰে, সেই অংশৰ নাম কি? HSLC ’19
উত্তৰঃ চেৰিবেলাম।
প্রশ্নঃ দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি? HSLC ’17
উত্তৰঃ এক্সন আৰু ডেনড্রাইট।
প্রশ্নঃ মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুক কি বোলা হয়?
উত্তৰঃ ক্রেনিয়েল স্নায়ু।
প্রশ্নঃ মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
উত্তৰঃ পশ্চাৎ মস্তিষ্কত অৱস্থিত চেৰিবেলাম নামৰ অংশই।
প্রশ্নঃ প্রমস্তিষ্কৰ দুটা কার্য লিখা।
উত্তৰঃ (ক) প্রমস্তিষ্কই চিন্তা-ভাবনাত মুখ্য ভমিকা পালন কৰে।
(খ) শ্রবন, ঘ্রাণ, দৃষ্টি আদিৰ পৰা স্নায়ু প্ৰেৰণা গ্রহণ কৰে।
প্রশ্নঃ অনৈচ্ছিক ক্ৰিয়াবোৰ মস্তিষ্কৰ কোন অংশই নিয়ন্ত্রণ কবে?
উত্তৰঃ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই।
প্রশ্নঃ প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?
উত্তৰঃ প্রতীপ ক্রিয়া স্নায়ুৰজ্জুত সংঘটিত হয়। প্রতীপ ক্ৰিয়াৰ বাবে প্রয়োজনীয় তথ্য মগজুই যোগান ধবে।
প্রশ্নঃ এক্সন আৰু ডেনড্রাইটৰ মাজৰ দুটা পার্থক্য লিখা। HSLC ’19
উত্তৰঃ এক্সন আৰু ডেনড্রাইটৰ মাজৰ দুটা পার্থক্য হ’ল:
(ক) এক্সনে স্নায়ুকোষটোৰ পৰা স্নায়ু বার্তা নিকটবর্তী স্নায়ুকোষলৈ প্রেৰণ কৰে।
আনহাতে ডেনড্রাইটে নিকটবর্তী স্নায়ুকোষৰ পৰা উদ্দীপনা সংগ্ৰহ কৰে।
(খ) এক্সনবোৰ সাধাৰণতে দীঘল হয়।
আনহাতে ডেনড্রাইটবোৰ সাধাৰণতে চুটি হয়।
প্রশ্নঃ উদ্ভিদৰ চলন কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ উদ্ভিদৰ চলন দুই প্ৰকাৰৰ। যেনে- বিকাশ বা বৃদ্ধি চলন আৰু স্বতন্ত্র চলন।
প্রশ্নঃ কি মাধ্যমৰ যোগেদি উদ্ভিদে এটা কোষৰ সৈতে আন এটা কোষৰ লগত সংযোগ ৰক্ষা কৰে?
উত্তৰঃ বৈদ্যুতিক-ৰাসায়নিক মাধ্যমৰ যোগেদি।
প্রশ্নঃ প্রতীপ ক্রিয়া আৰু খোজ কঢ়াৰ মাজত পার্থক্য কি?
উত্তৰঃ (ক) প্রতীপ ক্রিয়া স্বতস্ফূর্ত, খৰতকীয়া। এই ক্রিয়া অ-নৈচ্ছিক ভাবে সংঘটিত হয়।
আনহাতে, খোজ কঢ়া ক্রিয়া স্বতঃস্ফূর্ত নহয়; স্নায়ুৱে ভৰিৰ পেশীলৈ সংকেত প্ৰেৰণৰ ফলত হয়।
(খ) প্রতীপ ক্রিয়া স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্রণ হয়।
আনহাতে, খোজকঢ়া মস্তিষ্কৰ পশ্চাৎ ভাগৰ দ্বাৰা নিয়ন্ত্রণ হয়।
(গ) প্রতীপ ক্রিয়া এটা অনৈচ্ছিক ক্রিয়া।
কিন্তু খোজকঢ়া এটা ঐচ্ছিক ক্রিয়া।
প্রশ্নঃ উদ্ভিদৰ সঞ্জীবনী পদার্থ (Plant Hor- mone) বিলাক কি কি?
উত্তৰঃ উদ্ভিদৰ সঞ্জীৱনী পদার্থবিলাক হৈছে ৰাসায়নিক যৌগ যিয়ে বৃদ্ধি আৰু বিকাশ সাধনত আৰু পৰিৱেশৰ প্ৰতি সঁহাৰি জনায়। কিছুমান
উদ্ভিদ হ’বমন হ’ল- অক্সিন, জিবাৰেলিন, চাইট ‘কাইনিন, এবচাইটি এছিড আদি।
প্রশ্নঃ নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?
উত্তৰঃ নিলাজী বনৰ পাতে বাহ্যিক উদ্দিপনাৰ প্রতি সঁহাৰি জনায়। সেইবাবে ইয়াৰ পাতবোৰ চুই দিয়াৰ লগে লগে জয় পৰি যায়। কিন্তু কাণ্ডৰ কুমলীয়া আগে পোহৰৰ দিশত গতি কৰে আৰু এই গতি অতি মন্থৰ।
প্রশ্নঃ উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধসঞ্জীবনী পদাৰ্থৰ নাম লিখা। HSLC ’20
উত্তৰঃ অক্সিন।
প্রশ্নঃ কোনো এক আধাৰত চাৰিও পাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে? HSLC ’20
উত্তৰঃ অক্সিনে উদ্ভিদৰ কোষ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। যেতিয়া আকর্ষ আধাৰৰ সংস্পর্শলৈ আহে তেতিয়া আধাৰৰ প্রত্যক্ষ সংস্পর্শত নথকা অংশত অক্সিনৰ গাঢ়তা বাড়ে। ফলত সেই অংশৰ দৈৰ্ঘ্য বৃদ্ধি পায়। এনেকৈ আধাৰৰ চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে সহায় কৰে।
প্রশ্নঃ অন্তঃস্রাবী গ্রন্থি কি? এটা অন্তঃস্রাবী গ্রন্থি আৰু বহিঃস্রাবী গ্রন্থিৰ মাজৰ পাৰ্থক্য কি? অন্তঃস্রাবী গ্রন্থি আৰু বহিঃস্রাবী গ্রন্থিৰ দুয়োটাৰ কার্য সম্পাদন কৰা গ্রন্থিটোৰ নাম কি? HSLC ’18
উত্তৰঃ অন্তঃস্রাবী গ্রন্থি হ’লে এনে গ্রন্থি যিবোৰে প্রত্যক্ষভাবে তেজত হৰম’নসমূহ নিঃসৰণ কৰি নিয়ন্ত্রণ আৰু সমন্বয় প্রক্রিয়াত অৰিহণা যোগায়।
কিন্তু বহিঃস্রাবী গ্রন্থিসমূহে প্রত্যক্ষভাবে তেজৰ সোঁতত নিঃসৰণ নকৰে।
অন্তঃস্রাবী আৰু বহিঃস্রাবী গ্রন্থি দুয়োটাৰে কাৰ্য কৰা গ্রন্থিটো হৈছে অগ্নাশয়।
প্রশ্নঃ এড্রিনেলিন হৰম’নৰ কাৰ্যসমূহ লিখা। HSLC ’17
উত্তৰঃ এড্রিনেলি হৰম’নৰ কাৰ্যসমূহ হৈছে:
(ক) হৃদযন্ত্রব ধপধপনি বৃদ্ধি কৰি পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি কৰে।
(খ) কংকাল পেশীলৈ তেজ প্রবাহিত কৰা।
(গ) মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচন ঘটাই শ্বাস-প্রশ্বাসৰ হাৰ বৃদ্ধি কৰা।
প্রশ্নঃ মস্তিষ্কৰ যি অংশই দেহৰ সমতৰা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশৰ নাম কি? HSLC ’16
উত্তৰঃ চেৰিবেলাম।
প্রশ্নঃ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীবনী পদার্থটো কি? HSLC ’15
উত্তৰঃ চাইট ‘কাইনিন।
প্রশ্নঃ যি সঞ্জীবনী পদাৰ্থৰ প্রভাৱত গছৰ পাত সৰি পৰে তাৰ নাম কি? HSLC ’17
উত্তৰঃ এবচাইছিক এছিড।
প্রশ্নঃ জলানুবেগী (Hydrotropism) ব পৰীক্ষা মূলক আর্হি এটা প্রস্তুত কৰা।
উত্তৰঃ পৰীক্ষাঃ এটা টার লোৱা হ’ল। টারটো বালিৰে পূৰ্ণ কৰা হ’ল। ইয়াত কেইটামান বীজ পুতি থোৱা হ’ল। টারটোত এটা বন্ধযুক্ত পাত্র পানীবে পূর্ণ কৰি সংস্থাপন কৰা হ’ল। এনেদৰে পাত্ৰটো এসপ্তাহমান ৰখা হ’ল।
পর্যবেক্ষণঃ এসপ্তাহৰ মূৰত বীজকেইটা উলিয়াই অনাত দেখা গ’ল যে পানীৰ দিশত নতুন শিপা ওলাইছে। এই পৰীক্ষাৰ দ্বাৰা জলানুবেগী আৰ্হি দাঙি ধৰিব পাৰি।
প্রশ্নঃ প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰঃ মেৰুদণ্ডী প্রাণীৰ দেহৰ বিভিন্ন অংগ- প্রত্যংগ আৰু এইবোৰৰ কাৰ্যবোৰৰ মাজত সমন্বয় নিয়ন্ত্রণ কৰে অন্তঃস্রাবী তন্ত্রই। শৰীৰত ঘটি থকা সামুহিক বিপাকীয় কার্য এই তন্ত্রই নিয়ন্ত্রণ কৰে। ইয়াৰ নলিবিহীন গ্রন্থিয়ে বাসায়নিক হ’ৰমন নিঃসৰণ কৰে। নলীবিহীন গ্রন্থিৰ পৰা এই হ’ৰমনবোৰ নিঃসৰণ হয় কাৰণে ই পোনে পোনে বক্তস্রোতৰ লগত মিলি নিদ্দিষ্ট অংগলৈ প্রবাহিত হয়। এনেদৰে এইবোৰে বিভিন্ন অংগসমূহৰ মাজত ৰাসায়নিক সমন্বয় নিয়ন্ত্রণ কবে।
প্রশ্নঃ আয়ডিন পুষ্ট লবণ খোৱাটো কিয় আবশ্যক? HSLC ’20
উত্তৰঃ তলত দিয়া কাৰণত আয়ডিন পুষ্ট লবণ খোৱাটো আৱশ্যক-
(i) থাইৰয়েড গ্রন্থিয়ে নিঃসৰণ কৰা থাইৰক্সিন নামৰ হৰম’নৰ সংশ্লেষণৰ বাবে আয়ডিন অতি আৱশ্যকীয়।
হয়।
(ii) আয়ডিনৰ অভাৱত আমাৰ দেহত গৰল ৰোগ
প্রশ্নঃ কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় কিয়?
উত্তৰঃ ডায়েবেটিছ ৰোগীৰ দেহত ইনছুলিনৰ পৰিমান কমি যায়। ইনছুলিনে তেজত গ্লুক ‘জৰ পৰিমাণ কমাই দিয়ে। সেইবাবে ডায়েবেটিছ ৰোগীক ইনছুলিনৰ বেজি দিয়া হয়।
প্রশ্নঃ আমাৰ দেহৰ গ্রাহক অংগৰ কাম কি?
গ্রাহক অংগই যথোপযুক্ত কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?
উত্তৰঃ সংগ্রাহক অংগ হৈছে বিশেষ কোষ বা কোষসমষ্টি যিয়ে বাহ্যিক পৰিৱেশত পৰিৱৰ্তন ধৰা পেলায় আৰু এই বার্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে। যদি সংগ্রাহক অংগই সঠিকভাবে কার্য সম্পন্ন নকৰে তেন্তে আমাৰ জীৱন বিপদ-সংকুল হ’ব পাৰে। উদাহৰণস্বৰূপে- আমি কোনবিধ খাদ্য ভক্ষন কৰিলো, কোনবিধ নিমখীয়া, কোনবিধ টেঙা তাক ধৰিব নোৱাৰি। ইয়াৰ ফলত আমি বেয়া খাদ্যও ভক্ষন কৰিব পাৰো, য’ৰ পৰা বেমাৰ-আজাৰ হ’ব পাৰে।
প্রশ্নঃ নিউৰণ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কাৰ্য বর্ণনা কৰা।
উত্তৰঃ

শৰীৰৰ স্নায়ুবাৰ্তা অতি কম সময়তে বহুত দূৰলৈ প্ৰেৰণ কৰিব পাৰে। ইহঁতে বিদ্যুত সংকেতৰ দ্বাৰা বার্তা কঢ়িয়ায়। এক্সনে অন্তৰণ আৰু প্ৰতিৰক্ষাৰ কাম কৰে। ডেনড্রাইটবোৰে নিকটবর্তী স্নায়ুকোষবোৰৰ পৰা স্নায়ুবার্তা বা উদ্দীপনা গ্রহণ কৰে।
প্রশ্নঃ স্নায়ুৰজ্জুত আঘাত হ’লে কেনে বার্তাত ব্যঘাট ঘটে?
উত্তৰঃ স্নায়ুৰজ্জুত আঘাত হ’লে প্রতীপ ক্রিয়া আৰু অনৈচ্ছিক কাৰ্যৰ মাজত ব্যঘাত ঘটে।
প্রশ্নঃ ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্ৰিয়াৰ মাজত পার্থক্য কেনেকৈ উলিয়াবা?
উত্তৰঃ ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্ৰিয়াৰ মাজত পার্থক্য হ’ল:
(ক) ঐচ্ছিক ক্রিয়া পশ্চাৎ মস্তিষ্কত অবস্থিত মেডুলাই নিয়ন্ত্রণ কৰে।
আনহাতে, প্রতীপ ক্রিয়া মেৰু ৰজুৱে নিয়ন্ত্রণ কৰে।
(খ) ঐচ্ছিক ক্রিয়াত উদ্দীপকৰ প্রতি সঁহাৰি লাহে লাহে হয়।
আনহাতে, প্রতীপ ক্ৰিয়াত উদ্দীপকৰ প্ৰতি সঁহাৰি অতি দ্রুত হয়।
(গ) ঐচ্ছিক ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্ৰতি সংবেদনশীল নহয়।
কিন্তু প্রতীপ ক্রিয়া বাহ্যিক উদ্দীপনাৰ প্রতি সংবেদনশীল হয়।
প্রশ্নঃ কোনবিধ হৰম’নৰ প্ৰভাৱত গছৰ পাত সবে?
উত্তৰঃ এবছাইচিক এছিড।
প্রশ্নঃ মস্তিষ্কৰ কোনটো অংশই অনৈচ্ছিক কার্য নিয়ন্ত্রণ কৰে?
উত্তৰঃ পশ্চাৎ মস্তিষ্কত থকা মেডুলাই।
প্রশ্নঃ মানুহৰ দেহৰ ক’ত ইনছুলিন হৰম’ন উৎপন্ন হয়?
উত্তৰঃ অগ্নাশয়ত।
প্রশ্নঃ স্নায়ুকোষবোৰ কিহৰ দ্বাৰা গঠিত?
উত্তৰঃ স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰৱৰ্ধৰে গঠিত।
প্রশ্নঃ স্নায়ু প্রবর্ধক কি কি ভাগত ভাগ কৰা হৈছে? HSLC ’15
উত্তৰঃ এক্সন আৰু ডেনড্রাইট।
প্রশ্নঃ প্রতীপ ক্রিয়া কি? ইয়াৰ দুটা উদাহৰণ দিয়া
উত্তৰঃ কোনো উদ্দীপনাৰ বিপৰীতে শৰীৰৰ স্বতঃস্ফূর্ত আৰু খৰতকীয়া অনৈচ্ছিক প্রতিক্রিয়াক প্রতীপ ক্রিয়া বোলে।
উদাহৰণ– (ক) গৰম বস্তুত হাত পৰিলে তৎক্ষণাৎ হাতখন আঁতৰাই অনা।
(খ) উজ্জ্বল পোহৰ চকুত পৰিলে লগে লগে চকু বন্ধ কৰা।
প্রশ্নঃ ফল পকাত সহায় কৰা হৰম’ন বিধৰ নাম কি?
উত্তৰঃ ইথিলিন।
প্রশ্নঃ জিবাৰেলিনৰ কাম কি লিখা।
উত্তৰঃ (ক) কিছুমান উদ্ভিদৰ বীজ অংকুৰণত সহায় কৰে।
(খ) বাওনা উদ্ভিদক ওখ কৰে।
(গ) গছৰ কাণ্ড বৃদ্ধি হোৱাত সহায় কৰে।
(ঘ) কিছুমান উদ্ভিদৰ সুপ্ত অৱস্থাত থকা পুষ্প মুকুলক পুস্ফুটিত কৰে।
প্রশ্নঃ জলানুবেগ কি? এটা পৰীক্ষামূলক আৰ্হিৰ সহায়ত জলানুবেগ প্রদর্শিত কৰা। HSLC ’19
উত্তৰঃ জলানুবেগ হ’ল পানীৰ উৎস বা উপস্থিতিৰ প্রতি সংবেদনশীল উদ্ভিদৰ চলন।
জলানুবেগ প্ৰদৰ্শনৰ বাবে আমি তলত দিয়া পৰীক্ষাটো কৰিব পাৰো।

পৰীক্ষাটোৰ বাবে এখন চালনীত কিছু সেমেকা কাঠৰ গুড়ি লৈ কেইটমান বুটমাহৰ বীজ থৈ দিয়া হ’ল। এনেদৰে থৈ দিয়াৰ কিছুদিন পিছত দেখা গ’ল যে বীজবোৰ অংকুৰিত হৈছে আৰু প্ৰতিটো বীজৰ পৰা ভ্রূণমূলবোৰ চালনীৰ বিন্ধাৰে বাহিৰলৈ ওলাই আহিছে। ইয়াৰ কাৰণ মূলবোৰ অভিগ ভূকেন্দ্রাবেগী। পিছত ওলাই অহা ভ্রূণমূলবোৰ পানীৰ বাবে বেঁকা হৈ পুনৰ চালনীৰ বিন্ধাৰে সেমেকা কাঠৰ গুড়িৰ মাজত প্ৰৱেশ কৰিছে পৰীক্ষাটোরে প্রমাণ কৰে যে মূলৰ চলন অংগ জলাবেগী।
প্রশ্নঃ হৰম’ন কি? উদ্ভিদৰ বৃদ্ধিত হৰম’ন বা সঞ্জীবনী পদাৰ্থৰ এটা উদাহৰণ দিয়া। সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পোহৰৰ দিশত কৰা গতিৰ মাজৰ পাৰ্থক্য আছেনে? HSLC ’19
উত্তৰঃ উদ্ভিদৰ হৰম’ন (সঞ্জীবনী পদার্থ) হৈছে ৰাসায়নিক যৌগ যিয়ে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ সাধন কৰে আৰু পৰিৱেশৰ প্রতি সঁহাৰি জনায়। কিছুমান উদ্ভিদ হ’ৰমন হ’ল- অক্সিন, জিবাবেলিন, চাইট ‘কাইনিন, এবচাইটি এছিড আদি।
সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন উদ্দীপনাৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে কাণ্ডই পোহৰৰ দিশত গতি কৰে। এই প্রক্রিয়াত অক্সিজেনে ভূমিকা গ্রহণ কৰে।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রশ্নঃ তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীবনী পদার্থ?
(a) ইনছুলিন
(c) অ’বেষ্ট্রজেন
(b) থাইৰ’ক্সিন
(d) চাইট ‘কাইনিন
উত্তৰঃ (d) চাইট ‘কাইনিন।
প্রশ্নঃ দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়-
(a) ডেনড্রাইট
(b) চাইনে পচ্
(c) এক্সন
(d) প্ৰেৰণা
উত্তৰঃ (b) চাইনেপচ্
প্রশ্নঃ মগজুবে কি কাম কৰে-
(a) ভাৱ আৰু চিন্তা কৰা
(b) হৃদপিণ্ড স্পন্দন নিয়ন্ত্রণ
(c) দেহৰ সমতা ৰক্ষা
(d) ওপৰৰ আটাইকেইটা
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
প্রশ্নঃ দুটা নিউৰণৰ মাজৰ সংযোগী পথক বোলে-
(a) ডেনড্রাইট
(b) এক্সন
(c) ছাইনে ছ
(d) মায়েলিন আৱৰণী
উত্তৰঃ (c) ছাইনেছ।
প্রশ্নঃ দুই ধৰণৰ স্নায়ু প্ৰৱৰ্ধৰ নাম লিখা।
(a) এক্সক্সন আৰু ডেনড্রাইট
(b) এক্সন আৰু হাইড্রাইট
(c) এক্সন আৰু থাইমাছ
d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) এক্সন আৰু ডেনড্রাইট।
প্রশ্নঃ প্রতীপ ক্রিয়া নিয়ন্ত্রণ কৰে-
(a) চেৰিবেলামে
(b) মগজুৰ পশ্চাৎ অংশই
(c) স্নায়ুৰজ্জুই
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) স্নায়ুৰজ্জুই।
প্রশ্নঃ মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ’ল-
(a) চেৰিবেলাম
(b) মেডুলা
(c) পচ
(d) চেৰিত্ৰাম
উত্তৰঃ (a) চেৰিবেলাম।
প্রশ্নঃ উদ্ভিদৰ শিপাৰ গতিক বোলে।
(a) পোহৰানুবেগী
(b) বাসায়নুবেগী
c) ভূকেন্দ্রাবেগী
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) ভূকেন্দ্রাবেগী।
প্রশ্নঃ তলৰ কোনটো উদ্ভিদৰ সঞ্জিবনী পদার্থ নহয়?
(a) জিবাবেলিন
(c) অক্সিন
(b) টেষ্ট’ষ্টেৰন
(d) চাইট ‘কাইনিন
উত্তৰঃ (b) টেষ্ট’ষ্টেৰন।
প্রশ্নঃ তলৰ কোনবিধ সঞ্জীবনী পদার্থই উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে?
(a) জিবাবেলিন
(b) চাইট ‘কাইনিন
(c) অক্সিন
(d) এবচাইচিচ এছিড
উত্তৰঃ (d) এবচাইচিচ এছিড।
প্রশ্নঃ যি সঞ্জীবনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে-
(a) অক্সিন
(b) জিবাবেলিন
(c) এবচাইচিচ এছিড
(d) চাইট ‘কাইনিন
উত্তৰঃ (c) এবচাইচিচ এছিড।
প্রশ্নঃ ছাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি কার্য নিয়ন্ত্রণ কৰে-
(a) মধ্য মস্তিষ্কই
(b) চেৰিবেলামে
(c) প্রমস্তিষ্কই
(d) স্নায়ুৰজ্জুই
উত্তৰঃ (b) চেৰিবেলামে।
প্রশ্নঃ উদ্ভিদত ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি কিহৰ উদাহৰণ?
(a) ফটোট্র’ পিজিয়াম
(b) কেমট্র’পিজিয়াম
(c) হাইড্র’ট্র’পিজিয়াম
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) কেমট্র’পিজিয়াম।
প্রশ্নঃ মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
(a) মধ্য মস্তিষ্কই
(b) স্নায়ুৰজ্জুই
(c) প্রমস্তিষ্কই
(d) চেৰিবেলামে
উত্তৰঃ (d) চেবিবেলামে।
প্রশ্নঃ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা সঞ্জীবনী পদার্থ হ’ল-
(a) অক্সিন
(b) চাইট ‘কাইনিন
(c) এবচাইচিচ এছিড
(d) জিবাবেলিন
উত্তৰঃ (b) চাইট ‘কাইনিন।
প্রশ্নঃ তলৰ কোনবিধ ৰোগ থাইৰ’ক্সিন হৰম’ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয়-
(a) বেবিবেৰি
(c) ডায়েবেটিছ
(b) গৰল ৰোগ
(d) কটীয়ালগা
উত্তৰঃ (b) গৰল ৰোগ।
প্রশ্নঃ তেজত চেনিৰ মাত্রা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম’নবিধ হৈছে
(a) এড্রিনেলিন
(b) থাইৰ’ক্সিন
(c) ইনচু লিন
(d) টেষ্ট’ষ্টেৰন
উত্তৰঃ (c) ইনচুলিন।